আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক মাইলৰ খুঁটিত উপনীত হৈছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলী । এই ক্ষেত্ৰত এতিয়া কেৱল শচীন টেণ্ডুলকাৰৰ পিছত আছে বিৰাট ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক কৃতিত্ব অৰ্জন ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে । বদোদৰাত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত বিৰাট কোহলীয়ে ইতিহাস ৰচনা কৰে । বিৰাট কোহলী এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । দিল্লীৰ ৩৭ বছৰীয়া সোঁহতীয়া বেটছমেনগৰাকীয়ে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাক চেৰ পেলাই এই কৃতিত্ব অৰ্জন কৰে ।
বৰোদাৰ বি চি এ ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত কোহলীক ছাংগাকাৰাৰ ২৮,০১৬ ৰান অতিক্ৰম কৰিবলৈ ৪২ ৰানৰ প্ৰয়োজন হৈছিল । মেচখনত যেতিয়া ভাৰতে ৩০১ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নামিছিল তেতিয়া ১৯ অভাৰত তেওঁ এই মাইলৰ খুঁটিত উপনীত হয় ।
কোহলীয়ে ১২৩খন মেচত ৯,২৩০ ৰানেৰে টেষ্ট কেৰিয়াৰ সমাপ্ত কৰাৰ বিপৰীতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১২৫খন মেচত ৪,১৮৮ ৰান সংগ্ৰহ কৰিছে । এদিনীয়া ক্ৰিকেটত কোহলীয়ে এতিয়ালৈকে ৩০৯খন খেলত ১৪,৫৯৯ ৰান সংগ্ৰহ কৰিছে ।
কেৱল শচীন টেণ্ডুলকাৰক পিছত আছে কোহলী-
এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত কোহলীতকৈ আগবাঢ়ি আছে কেৱল শচীন টেণ্ডুলকাৰ । শচীন টেণ্ডুলকাৰে ১৯৮৯ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ভাৰতৰ হৈ মুঠ ৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ উপৰিও ২০০খন টেষ্ট মেচত ১৫,৯২১ ৰান সংগ্ৰহ কৰে শচীনে ।
এদিনীয়া ক্ৰিকেটত টেণ্ডুলকাৰে ৪৬৩খন খেলত ১৮,৪২৬ ৰান সংগ্ৰহ কৰে । ২০০৬ চনৰ ১ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ একমাত্ৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, য’ত ১২টা বলত ১০ ৰান সংগ্ৰহ কৰি আউট হৈছিল শচীন ।
গাংগুলীক অতিক্ৰম-
ভাৰতৰ হৈ বিৰাট কোহলীয়ে এই পৰ্যন্ত ৩০৯ খন ৱান ডে ইণ্টাৰনেশ্যনেল মেচ খেলিছে । তেওঁ ভাৰতীয় দলৰ হৈ ৩০৮খন এদিনীয়া খেলা প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক অতিক্ৰম কৰিছে । এই তালিকাত কোহলীতকৈ আগবাঢ়ি আছে ৰাহুল দ্ৰাবিড় (৩৪০ মেচ) আৰু মহম্মদ আজহাৰুদ্দিন (৩৩৪ মেচ), যাক কোহলীয়ে ভৱিষ্যতে অতিক্ৰম কৰিব পাৰে ।
ভাৰতৰ হৈ সৰ্বাধিক এদিনীয়া মেচ-
৪৬৩ – শচীন টেণ্ডুলকাৰ
৩৪৭ – মহেন্দ্ৰ সিং ধোনী
৩৪০ – ৰাহুল দ্ৰাবিড়
৩৩৪ – মহম্মদ আজহাৰুদ্দিন
৩০৯ – বিৰাট কোহলী
৩০৮ – সৌৰভ গাংগুলী
লগতে পঢ়ক : জয়েৰে বছৰৰ আৰম্ভণি ভাৰতীয় দলৰ… ৪ উইকেটত ধৰাশায়ী কিৱি বাহিনী









