চৰকাৰ বিৰোধী প্ৰতিবাদে ক্ৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইৰাণত । দেশখনত হিংসাত্মক প্ৰতিবাদত নিহতৰ সংখ্যা পাঁচশ অতিক্ৰম কৰিছে ।
ইৰাণত শাসন ব্যৱস্থাৰ বিৰুদ্ধে দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে ধাৰাবাহিকভাৱে উত্তেজনা বৃদ্ধি পাইছে । প্ৰায় দুসপ্তাহ ধৰি চলি থকা দেশজোৰা প্ৰতিবাদৰ সময়ছোৱাত হিংসা আৰু দমনৰ ফলত এতিয়ালৈকে ৫৩৮ জন লোকৰ প্ৰাণহানি হৈছে । ইণ্টাৰনেট আৰু ফোন সেৱা বন্ধ হোৱাৰ ফলত পৰিস্থিতিৰ স্বতন্ত্ৰ পৰীক্ষণত অসুবিধাৰ সৃষ্টি হৈছে ।
প্ৰকাশিত বাতৰি অনুসৰি প্ৰতিবাদৰ সৈতে জড়িত হিংসাত্মক ঘটনাত এতিয়ালৈকে ৫৩৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১০,৬৭০ জন লোকক আটক কৰি ৰখা হৈছে । ইৰাণত ইণ্টাৰনেট আৰু ফোন সেৱা বন্ধ হোৱাৰ বাবে বাহিৰৰ পৰা প্ৰতিবাদৰ পৰিস্থিতিৰ মূল্যায়ন কৰাটো কঠিন হৈ পৰিছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সীৰ তথ্য অনুসৰি প্ৰতিবাদত মৃত্যু হোৱা লোকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে । সংস্থাটোৱে জনোৱা মতে, নিহতসকলৰ ভিতৰত ৪৫০জনতকৈ অধিক । ইয়াত প্ৰতিবাদকাৰী আৰু ৪১জন নিৰাপত্তা বাহিনীৰ সদস্যও আছে । ইৰাণ চৰকাৰে এই প্ৰতিবাদত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰকাশ কৰা নাই ।
ইফালে ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকৰ কালিবাফে সকীয়াই দিছে যে আমেৰিকাই ইৰাণক আক্ৰমণ কৰে তেতিয়া আমেৰিকা আৰু ইজৰাইলী সৈন্যকো লক্ষ্য কৰি লোৱা হ’ব । ৰাজধানী তেহৰাণ আৰু দেশখনৰ আন আন বৃহৎ চহৰসমূহত দুসপ্তাহতকৈ অধিক সময় ধৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই সতৰ্কবাণী দিয়া হৈছে ।
আনহাতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰতিবাদকাৰীৰ কথা কৰ্তৃপক্ষই শুনিব বুলি কৈছে যদিও প্ৰতিবাদ সমগ্ৰ ইছলামিক ৰিপাব্লিকত বিয়পি পৰিছে ।
লগতে পঢ়ক : খোমেইনীৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই… লণ্ডনলৈয়ো বিয়পিছে প্ৰতিবাদ









