‘ভাগ্যত লিখা কথা কোনেও কাঢ়ি নিব নোৱাৰে’;টি-২০ বিশ্বকাপৰ পৰা বাদ পৰা শুভমান গিলৰ দুখ প্ৰকাশ

‘ভাগ্যত লিখা কথা কোনেও কাঢ়ি নিব নোৱাৰে’;টি-২০ বিশ্বকাপৰ পৰা বাদ পৰাৰ পিছত শুভমান গিলৰ দুখ প্ৰকাশ

আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাদ পৰিল শুভমান গিল। দুৰ্বল ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰা শুভমান গিলে প্ৰথমবাৰলৈ প্ৰকাশ কৰিলে দুখ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমান গিলক আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত কৰা নহ’ল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০

আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাদ পৰিল শুভমান গিল। দুৰ্বল ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰা শুভমান গিলে প্ৰথমবাৰলৈ প্ৰকাশ কৰিলে দুখ

টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমান গিলক আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত কৰা নহ’ল।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত শুভমান গিল দলটোৰ অংশ আছিল,কিন্তু দুৰ্বল ফৰ্মৰ বাবে তেওঁক বিশ্বকাপৰ দলৰ পৰা বাদ দিয়া হয়।টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত নোহোৱাত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে শুভমান গিলে।

দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ ঠিক পূৰ্বে শুভমান গিলে কয় যে তেওঁ নিৰ্বাচকসকলৰ সিদ্ধান্তক সন্মান কৰে আৰু টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় দলটোক শুভকামনাও জনাই।

শুভমান গিলৰ শেহতীয়া টি-২০ ফৰ্ম দুৰ্বল হৈ পৰিছে আৰু দলীয় সংমিশ্ৰণৰ উদাহৰণ দি নিৰ্বাচকসকলে তেওঁক বিশ্বকাপৰ দলৰ পৰা বাহিৰ কৰা হৈছে।

শুভমান গিলৰ ঠাইত অক্ষৰ পেটেলক উপ-অধিনায়ক হিচাপে ৰাখিছে,আনহাতে ইয়াৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ।

সংবাদমেলত শুভমান গিলে কয় যে,”মই নিৰ্বাচকসকলৰ সিদ্ধান্তক সন্মান কৰো।টি-২০ বিশ্বকাপৰ বাবে দললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ”।

“মই য’ত থাকিব লাগে তাতেই আছো। মোৰ ভাগ্যত যি লিখা আছে,তাক কোনেও কাঢ়ি নিব নোৱাৰে।এজন খেলুৱৈয়ে সদায় দেশৰ বাবে নিজৰ শ্ৰেষ্ঠখিনি দিব বিচাৰে।নিৰ্বাচকসকলে লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য আৰু সেইটো মই স্বীকাৰ কৰিছো।”

লগতে পঢ়ক: শেষ হোৱা নাই বাংলাদেশৰ নাটক; বিশ্বকাপৰ স্থান সলনি কৰিবলৈ আইচিচিলৈ দ্বিতীয়খন পত্ৰ