ধুৰন্ধৰৰ ৰেকৰ্ড ভংগ ‘দ্য ৰাজা চাব’ৰ; প্ৰথমদিনাই উপাৰ্জন কৰিলে...

ধুৰন্ধৰৰ ৰেকৰ্ড ভংগ ‘দ্য ৰাজা চাব’ৰ; প্ৰথমদিনাই উপাৰ্জন কৰিলে…

দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি দ্য ৰাজা চাব ছবিগৃহত মুক্তি লাভ কৰে। ছবিখনে মুক্তিৰ প্ৰথমদিনাই ‘ধুৰন্ধৰ’ক পিছ পেলাইছে। বক্স অফিচত পুনৰ প্ৰভাসৰ যাদু দেখিবলৈ পোৱা গৈছে।যোৱা ৯ জানুৱাৰীত ছুপাৰষ্টাৰ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘দ্য ৰাজা চাব’ ছবিগৃহত মুক্তি লাভ কৰে। মাৰুথিৰ পৰিচালিত ছবিখনে মুক্তিৰ

দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি দ্য ৰাজা চাব ছবিগৃহত মুক্তি লাভ কৰে। ছবিখনে মুক্তিৰ প্ৰথমদিনাই ‘ধুৰন্ধৰ’ক পিছ পেলাইছে।

বক্স অফিচত পুনৰ প্ৰভাসৰ যাদু দেখিবলৈ পোৱা গৈছে।যোৱা ৯ জানুৱাৰীত ছুপাৰষ্টাৰ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘দ্য ৰাজা চাব’ ছবিগৃহত মুক্তি লাভ কৰে।

মাৰুথিৰ পৰিচালিত ছবিখনে মুক্তিৰ পূৰ্বেই এক বৃহৎ পৰিৱেশৰ সৃষ্টি কৰিছিল কাৰণ অনুৰাগীসকলে প্ৰভাসক ডাঙৰ পৰ্দালৈ ঘূৰি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল।

মুক্তিৰ প্ৰথমদিনাই ছবিগৃহত দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। প্ৰথম দিনাই প্ৰভাসৰ ‘দ্য ৰাজা চাব’ই ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ’ক পিছ পেলাইছে।‘ধুৰন্ধৰে’ মুক্তিৰ দিনা ২৮ কোটি টকা উপাৰ্জন কৰিছিল।

প্ৰভাসৰ ছবি দ্য ৰাজা চাবে প্ৰথম দিনাই বক্স অফিচত ৪৫ কোটি টকা উপাৰ্জন কৰিছে।যদি ইয়াৰ লগত প্ৰি-ৰিলিজ ব্যৱসায়ো যোগ কৰা হয়,তেন্তে ছবিখনৰ মুঠ সংগ্ৰহ এতিয়া ৫৪.১৫ কোটি টকা হৈছেগৈ।

ভৌতিক-কমেডী ছবি হিচাপে উপাৰ্জন যথেষ্ট ভাল বুলি গণ্য কৰা হৈছে। ইয়াৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে বক্স অফিচত প্ৰভাসৰ মনোমোহাতা এতিয়াও অক্ষত আছে।

লগতে পঢ়ক: ছবিগৃহত চলি আছিল ‘দ্য ৰাজা চাব’; হঠাৎ অনুৰাগীৰ অগ্নিসংযোগ…  

শেহতীয়া প্ৰৱন্ধসমূহ