সকলো অভিলেখ ভংগ কৰিবলৈ আহি আছে ‘বাহুবলী ৩’; প্ৰভাসে দিলে ডাঙৰ ইংগিত

‘বাহুবলী ৩’ ক লৈ প্ৰভাসে এটা ভিডিঅ’ত ডাঙৰ ইংগিত দিছে। এই ইংগিতৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এছ এছ ৰাজামৌলিৰ ছবি ‘বাহুবলী’য়ে যেতিয়া চিনেমা হলত মুক্তি লাভ কৰিছিল, তেতিয়া ই কেৱল বক্স অফিচৰ পুৰণি ৰেকৰ্ডবোৰেই ভংগ কৰা নাছিল, বৰঞ্চ ভাৰতীয় চিনেমাৰ সংজ্ঞাক চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল। আকৰ্ষণীয় কাহিনী, দুৰ্দান্ত একচন আৰু চমৎকাৰ ভিজুৱেলৰে সজোৱা এই ফ্ৰেঞ্চাইজিয়ে প্ৰভাস, ৰাণা দগুবতী আৰু অনুষ্কা শ্বেটিক প্যান-ইণ্ডিয়া চুপাৰষ্টাৰ কৰি তুলিলে। এই ব্লকবাষ্টাৰ চিৰিজটো শেষ হোৱাৰ পাছৰে পৰা অনুৰাগীসকলৰ মনত বছৰ বছৰ ধৰি কেৱল এটা প্ৰশ্নই আছিল যে, ‘বাহুবলী ৩’ আহিব নেকি? এতিয়া এনে লাগিছে যে অনুৰাগীসকলৰ এই দীঘলীয়া অপেক্ষা সোনকালেই শেষ হ’বলৈ গৈ আছে।

‘বাহুবলী ৩’ক লৈ উৰা বাতৰিৰ বজাৰখন সেই সময়তে হঠাৎ গৰম হৈ পৰিল, যেতিয়া ‘বাহুবলী: দ্য টৰ্চবেৰাৰ’ তথ্যচিত্ৰৰ এটা সৰু অংশ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিল। এই ভিডিঅ’টোত প্ৰভাস, ৰাণা দগুবতী আৰু অনুষ্কা শ্বেটিক একেলগে বহি থকা দেখা গৈছে আৰু তেওঁলোকে কথা প্ৰসংগত এই ব্লকবাষ্টাৰ ফ্ৰেঞ্চাইজিয়াটোৰ পৰৱৰ্তী ভাগৰ ফালে ইংগিত দিয়া দেখা গৈছে। ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে অনুৰাগীসকল আশ্বস্ত হৈ পৰিছে যে নিৰ্মাতাসকলে তৃতীয় ভাগটোৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে।

এই ভাইৰেল ক্লিপটোত ৰাণা দগুবতীয়ে কৈছে যে, ‘মই নাজানো মই এই কথাটো সকলোৰে সন্মুখত কোৱা উচিত নে নহয়, কিন্তু যিহেতু ৰাজামৌলি আৰু শোবু গাৰু এতিয়া ইয়াত উপস্থিত নাই, সেয়ে মই মোৰ অন্তৰত যি আছে সেয়াই কম। বিশ্ব হয়তো এতিয়া ইয়াৰ বাবে প্ৰস্তুত নহয়, কিন্তু বাহুবলী…।’ ৰাণাই নিজৰ কথা সম্পূৰ্ণ নকৰাকৈয়ে ৰৈ যায়, কিন্তু ঠিক সেই মুহূৰ্ততে প্ৰভাসে হাঁহি হাঁহি কেমেৰাৰ ফালে নিজৰ তিনিটা আঙুলি দেখুৱাই দিয়ে। প্ৰভাসৰ এই ইংগিত দেখি চোফাত বহি থকা অনুষ্কা শ্বেটিৰ লগতে সকলোৱে হাঁহিবলৈ ধৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই ক্লিপটোৰ শেষত স্ক্ৰীণত লিখা আহে, ‘এণ্ড দ্য লেগেচী কন্টিনিউছ’ অৰ্থাৎ এই উত্তৰাধিকাৰ অব্যাহত থাকিব।

এই ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ উৎসাহ তুঙ্গত উঠিছে আৰু মানুহে ইয়াক ‘বাহুবলী ৩’ৰ আনুষ্ঠানিক ইংগিত বুলি গণ্য কৰিছে।

অৱশ্যে অনুৰাগীসকলৰ এই প্ৰবল উন্মাদনাৰ মাজতো এতিয়ালৈকে নিৰ্মাতাসকলৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য অহা নাই। ছবিখনৰ কাহিনী কোন দিশে যাব, ই এখন ফিচাৰ ফিল্ম হ’ব নে কোনো ৱেব চিৰিজ আৰু ইয়াৰ আনুষ্ঠানিক ঘোষণা কেতিয়া হ’ব, তাক লৈ এতিয়াও অলপ অপেক্ষা কৰিব লাগিব।

লগতে পঢ়ক: জল্পনা-কল্পনাৰ অৱসান: মুক্তি পালে ‘Mirzapur The Movie’-ৰ বিস্ফোৰক টিজাৰ

ধুৰন্ধৰৰ ৰেকৰ্ড ভংগ ‘দ্য ৰাজা চাব’ৰ; প্ৰথমদিনাই উপাৰ্জন কৰিলে…

দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি দ্য ৰাজা চাব ছবিগৃহত মুক্তি লাভ কৰে। ছবিখনে মুক্তিৰ প্ৰথমদিনাই ‘ধুৰন্ধৰ’ক পিছ পেলাইছে।

বক্স অফিচত পুনৰ প্ৰভাসৰ যাদু দেখিবলৈ পোৱা গৈছে।যোৱা ৯ জানুৱাৰীত ছুপাৰষ্টাৰ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘দ্য ৰাজা চাব’ ছবিগৃহত মুক্তি লাভ কৰে।

মাৰুথিৰ পৰিচালিত ছবিখনে মুক্তিৰ পূৰ্বেই এক বৃহৎ পৰিৱেশৰ সৃষ্টি কৰিছিল কাৰণ অনুৰাগীসকলে প্ৰভাসক ডাঙৰ পৰ্দালৈ ঘূৰি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল।

মুক্তিৰ প্ৰথমদিনাই ছবিগৃহত দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। প্ৰথম দিনাই প্ৰভাসৰ ‘দ্য ৰাজা চাব’ই ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ’ক পিছ পেলাইছে।‘ধুৰন্ধৰে’ মুক্তিৰ দিনা ২৮ কোটি টকা উপাৰ্জন কৰিছিল।

প্ৰভাসৰ ছবি দ্য ৰাজা চাবে প্ৰথম দিনাই বক্স অফিচত ৪৫ কোটি টকা উপাৰ্জন কৰিছে।যদি ইয়াৰ লগত প্ৰি-ৰিলিজ ব্যৱসায়ো যোগ কৰা হয়,তেন্তে ছবিখনৰ মুঠ সংগ্ৰহ এতিয়া ৫৪.১৫ কোটি টকা হৈছেগৈ।

ভৌতিক-কমেডী ছবি হিচাপে উপাৰ্জন যথেষ্ট ভাল বুলি গণ্য কৰা হৈছে। ইয়াৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে বক্স অফিচত প্ৰভাসৰ মনোমোহাতা এতিয়াও অক্ষত আছে।

লগতে পঢ়ক: ছবিগৃহত চলি আছিল ‘দ্য ৰাজা চাব’; হঠাৎ অনুৰাগীৰ অগ্নিসংযোগ…  

ছবিগৃহত চলি আছিল ‘দ্য ৰাজা চাব’; হঠাৎ অনুৰাগীয়ে কৰিলে এই কাণ্ড…  

দক্ষিণৰ অভিনেতা প্ৰভাসৰ ‘দ্য ৰাজা চাব’ ছবিখন মুক্তি পাইছে। চিনেমাখন চলি থকাৰ মাজতে ছবিগৃহত দৰ্শকে কৰিলে এই আচৰিত কাম ।

প্ৰভাসৰ বহু প্ৰত্যাশিত ছবি ‘দ্য ৰাজা চাব’ যোৱা ৯ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিছে আৰু ই ছ’চিয়েল মিডিয়াত মিশ্ৰিত সঁহাৰি লাভ কৰিছে।

অভিনেতাগৰাকীৰ বহু ডাই হাৰ্ড অনুৰাগীয়ে ছবিখনক লৈ যথেষ্ট উৎসাহিত হৈ পৰিছে।ইয়াৰ সৈতে জড়িত এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে,যিটোৱে সকলোকে আচৰিত কৰিছে।

দৰাচলতে,প্ৰভাসৰ ছবি যেনেকোৱাই নহওক কিয় প্ৰভাসৰ ফেন ফ’ল’ৱাৰ যথেষ্ট শক্তিশালী। শুকুৰবাৰে ওড়িশাৰ এটা চিনেমা হলৰ ভিতৰতে দৰ্শকে কনফেটি (ৰঙীন কাগজ) জ্বলাই দিয়ে।

ভাইৰেল ভিডিঅ’টো ওড়িশাৰ অশোক থিয়েটাৰৰ বুলি জানিব পৰা গৈছে।ভিডিঅ’টোত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে,দৰ্শকে ছবিখন চাই থকাৰ সময়তে একাংশই কনফেটি জ্বলাই দিয়ে।ইয়াকে লৈ বহু ব্যৱহাৰকাৰীয়ে স্ক্ৰীনিঙৰ সময়ত সুৰক্ষাৰ অভাৱত উদ্বেগ প্ৰকাশ কৰে।

লগতে পঢ়ক: ধূৰন্ধৰৰ সফলতাৰ পিছত মাচুল বৃদ্ধি অক্ষয় খান্নাৰ; পৰিচালকে ক’লে- ভুল সিদ্ধান্ত