গুৱাহাটীত দুৰ্ঘটনাত পতিত বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী। নিশা তীব্ৰবেগী বাইকৰ খুন্দা স্বামী-পত্নীক
পত্নীসহ দুৰ্ঘটনাগ্ৰস্ত হয় বলীউডৰ বিশিষ্ট অভিনেতা আশীষ বিদ্যাৰ্থী। মহানগৰীৰ জু-ৰোড স্থিত গুৱাহাটী এড্ৰেছ নামৰ হোটেলখনৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰাজপথত ভ্ৰমণ কৰি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।
জানিব পৰা মতে, চানমাৰিৰ দিশৰ পৰা আহি থকা তীব্ৰবেগী AS-01-DY-5061 নম্বৰৰ এখন এভেঞ্জাৰ বাইকে খুন্দা মাৰে অভিনেতাগৰাকীক আৰু তেওঁৰ পত্নীক।দুৰ্ঘটনাটোত বাইক চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
জানিব পৰা মতে দুৰ্ঘটনাটোত কিছু পৰিমাণে আহত হৈছে বিদ্যাৰ্থীৰ পত্নী ৰূপালী বৰুৱা। মূৰত সামান্য পৰিমাণে আঘাত পাইছে তেওঁ।সম্প্ৰতি এখন বেচৰকাৰী হাস্পতালত চিকিৎসাধীন দুয়োজন। বৰ্তমান দুয়োগৰাকী সুস্থ বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: জাভেদ আখতাৰৰ ভুৱা এআই ভিডিঅ’ ভাইৰেল; আইনী ব্যৱস্থাৰ ভাবুকি









