বাংলাদেশত পুনৰ হিন্দু লোকৰ বৰ্বৰ হত্যা… ১৮ দিনত ষষ্ঠটো ঘটনা

বাংলাদেশত পুনৰ হিন্দু লোকৰ বৰ্বৰ হত্যা… ১৮ দিনত ষষ্ঠটো ঘটনা

বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দু লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । সোমবাৰে পুনৰ আন এগৰাকী হিন্দু ব্যক্তি হিংসাৰ বলি হয় । বিগত ১৮ দিনত হিন্দু লোকৰ ওপৰত সংঘটিত এইটো ষষ্ঠটো ঘটনা । বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাত্মক ঘটনা তথা অত্যাচাৰ অব্যাহত আছে । পেছাত এগৰাকী

বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দু লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । সোমবাৰে পুনৰ আন এগৰাকী হিন্দু ব্যক্তি হিংসাৰ বলি হয় । বিগত ১৮ দিনত হিন্দু লোকৰ ওপৰত সংঘটিত এইটো ষষ্ঠটো ঘটনা ।

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাত্মক ঘটনা তথা অত্যাচাৰ অব্যাহত আছে । পেছাত এগৰাকী সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগীক গুলীয়াই হত্যা কৰাৰ ২৪ ঘন্টা পাৰ নহওতেই আন এগৰাকী হিন্দু লোক হিংসাৰ বলি হৈছে । শেহতীয়া ঘটনা সংঘটিত হৈছে নৰসিংদ্ধি জিলাত । এই ঘটনাত গেলামালৰ ব্যৱসায়ী মণি চক্ৰৱৰ্তীক দুষ্কৃতিকাৰীয়ে হত্যা কৰে । সোমবাৰে নিশা প্ৰায় ৮ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

খবৰ অনুসৰি মণি চক্ৰৱৰ্তীয়ে বাংলাদেশৰ নৰসিংদ্ধি পলাশ উপ-জিলাৰ অন্তৰ্গত চাৰসিন্দুৰ বজাৰত এখন গেলামালৰ দোকান চলাইছিল । শিবপুৰ মহকুমাৰ সধৰচৰ ইউনিয়নৰ বাসিন্দা আছিল ব্যক্তিজন ।

জানিব পৰা মতে, মণি চক্ৰৱৰ্তী সচৰাচৰৰ দৰে নিজৰ দোকানত বহি থকা অৱস্থাত হঠাতে অচিনাকি দুৰ্বৃত্তই আক্ৰমণ কৰে । এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয় ।

ঘটনাৰ পাছতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ মণি চক্ৰৱৰ্তীক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও বাটতে তেওঁৰ মৃত্যু হয় । এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে । স্থানীয় ব্যৱসায়ীসকলে কয় যে মণি চক্ৰৱৰ্তী আছিল এজন শান্ত স্বভাৱৰ ব্যক্তি আৰু তেওঁৰ কাৰো লগত কোনো ধৰণৰ সংঘাত বা শত্ৰুতা নাছিল ।

মুকলি বজাৰত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডই ব্যৱসায়ী আৰু সাধাৰণ জনতাৰ মাজত নিৰাপত্তাহীনতাৰ ভাৱ আৰু গভীৰ কৰি তুলিছে । স্থানীয় সচেতন লোকসকলে এই ঘটনাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁলোকে কয় যে সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ এজন ব্যৱসায়ীক ৰাজহুৱাভাৱে এইদৰে হত্যা কৰাটো অত্যন্ত চিন্তনীয় । প্ৰশাসনে অতি সোনকালে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে তেওঁলোকে ।

লগতে পঢ়ক : বাংলাদেশত পুনৰ হিন্দু যুৱকক গুলীয়াই হত্যা… বিগত এমাহতে সংখ্যালঘুৰ ওপৰত পঞ্চমটো আক্ৰমণ

শেহতীয়া প্ৰৱন্ধসমূহ