নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে টীমলৈ উভতি আহিব নেকি মহম্মদ শ্বামী?

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে টীমলৈ উভতি আহিব নেকি মহম্মদ শ্বামী?

পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বেগী বলাৰ মহম্মদ শ্বামীয়ে। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে ঘূৰি আহিব পাৰে দললৈ। শেহতীয়া কেইবামাহো ধৰি ফিটনেছ, ফৰ্ম আৰু ভৱিষ্যতৰ ওপৰত জল্পনা-কল্পনাৰ অন্তত,৩৫ বছৰীয়া বেগী বলাৰ মহম্মদ শ্বামী পুনৰবাৰ বাতৰিৰ শিৰোনাম। এতিয়া তেওঁ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে দললৈ ঘূৰি

পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বেগী বলাৰ মহম্মদ শ্বামীয়ে। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে ঘূৰি আহিব পাৰে দললৈ।

শেহতীয়া কেইবামাহো ধৰি ফিটনেছ, ফৰ্ম আৰু ভৱিষ্যতৰ ওপৰত জল্পনা-কল্পনাৰ অন্তত,৩৫ বছৰীয়া বেগী বলাৰ মহম্মদ শ্বামী পুনৰবাৰ বাতৰিৰ শিৰোনাম।

এতিয়া তেওঁ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে দললৈ ঘূৰি আহিব পাৰে। শ্বামীৰ ঘৰুৱা প্ৰদৰ্শনৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।য’ত খেলুৱৈ গৰাকীয়ে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে।

মহম্মদ শ্বামীৰ বাবে বিচিচিআইয়ে পৰিকল্পনা কৰিছে।তেওঁ বাছনিৰ দৌৰৰ বাহিৰত নহয়।অৱশ্যে,এতিয়াও খেলুৱৈ গৰাকীৰ ফিটনেছ সন্দৰ্ভত কিছু সমস্যাৰ সৃষ্টি হৈছে।

কিন্তু অনুমান কৰা হৈছে যে তেওঁ ১১ জানুৱাৰীৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘূৰি আহিব পাৰে।যদি এনেকুৱা হয় তেন্তে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পৰিকল্পনাৰো অংশ হ’ব শ্বামী।

এই স্থিতি খেলুৱৈজনৰ বাবে এক ডাঙৰ পৰিৱৰ্তনহ’ব,যিয়ে ২০২৫ চনৰ মাৰ্চ মাহৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ পিছত ভাৰতৰ হৈ কোনো মেচ খেলা নাই,অৱশ্যে সেই প্ৰতিযোগিতাত থকাৰ সময়ত তেওঁ ৯টা উইকেটেৰে ভাৰতৰ যৌথ সফল বলাৰ হিচাপে অন্ত পেলায়।তেওঁৰ শেষৰখন এদিনীয়াও একেখন প্ৰতিযোগিতাতে নিউজিলেণ্ডৰ বিৰুদ্ধে আছিল।

লগতে পঢ়ক: জয়েৰে বছৰৰ অন্ত পেলালে ভাৰতীয় দলে… শ্ৰীলংকাক ৫-০ত হোৱাইট ৱাশ্ব