২০২৫ বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ বাবে সফলতা আৰু প্ৰত্যাহ্বানেৰে ভৰা আছিল । এই বছৰটোত ভাৰতীয় পুৰুষ আৰু মহিলা ক্ৰিকেট দলে লাভ কৰা সফলতা আৰু সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ এক খতিয়ান এই প্ৰতিবেদনত দাঙি ধৰা হ’ল…
২০২৫ ভাৰতীয় ক্ৰিকেটৰ বাবে কৃতিত্ব আৰু প্ৰত্যাহ্বানৰ এক মিশ্ৰিত বছৰ আছিল । ভাৰতীয় মহিলা দলটোৱে এদিনীয়া বিশ্বকাপ জয় কৰি দেশক গৌৰৱান্বিত কৰি ইতিহাস ৰচনা কৰাৰ বিপৰীতে পুৰুষৰ দলটোৱে সীমিত অভাৰৰ ক্ৰিকেটত সফলতা অৰ্জন কৰিছিল যদিও টেষ্ট ক্ৰিকেটত দুৰ্বলতা উন্মোচিত হয় । এই বছৰটো পৰিৱৰ্তন, অৱসৰ, নতুন অধিনায়কত্ব, প্ৰশাসনিক পৰিস্থিতিয়ে বহু স্মৰণীয় মুহূৰ্ত আৰু কিছুমান তিক্ত অভিজ্ঞতা ভাৰতীয় ক্ৰিকেটলৈ কঢ়িয়াই আনে ।
মহিলা দলৰ ইতিহাস ৰচনা, প্ৰথম এদিনীয়া বিশ্বকাপ জয়-
ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে ২০২৫ বৰ্ষটো ঐতিহাসিক বুলি প্ৰমাণিত হয় । হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় মহিলা দলটোৱে প্ৰথমবাৰৰ বাবে ৫০ অভাৰৰ এদিনীয়া বিশ্বকাপত জয়লাভ কৰি আই চি চিৰ ট্ৰফীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায় । ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে ইতিহাস সৃষ্টি কৰে । এই প্ৰতিযোগিতাত দলটোৱে অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ দৰে শক্তিশালী দলকো পৰাস্ত কৰে ।
সীমিত অভাৰত পুৰুষ দলৰ সফলতা-
ভাৰতীয় পুৰুষ ক্ৰিকেট দলে ২০২৫ চনত সীমিত অভাৰৰ ফৰ্মেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । ডুবাইত অনুষ্ঠিত হোৱা আই চি চি চেম্পিয়নছ ট্ৰফী (এদিনীয়া) আৰু এছিয়া কাপ (টি-২০) জয় কৰি দলটোৱে নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে । এই জয়সমূহে প্ৰমাণ কৰে যে ভাৰতবৰ্ষ বগা বল ক্ৰিকেটত বিশ্বৰ অন্যতম শক্তিশালী দল হৈয়ে আছে ।
টেষ্ট ক্ৰিকেটৰ দুৰ্বলতা উন্মোচিত-
অৱশ্যে চলিত বছৰটোত টেষ্ট ক্ৰিকেটত ভাৰতীয় পুৰুষ দলৰ প্ৰদৰ্শন হতাশাজনক আছিল । ঘৰুৱা টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ০-২ ব্যৱধানত পৰাজয়ৰ পিছত দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ অধীনত ৰেডবলৰ দুৰ্বলতা উন্মোচিত হয় । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-৩ ব্যৱধানত পৰাস্ত হোৱাৰ পিছতো উদ্বেগ বৃদ্ধি কৰিছিল ।
কোহলী-ৰোহিতৰ যুগৰ অন্ত, অশ্বিনৰ অৱসৰ-
২০২৫ চনটো ভাৰতীয় ক্ৰিকেটত টেষ্টৰ বাবেও পৰিৱৰ্তনৰ বছৰ আছিল । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পাছত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰৰ অন্ত পৰে । তদুপৰি অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনেও অৱসৰৰ কথা ঘোষণা কৰে । পৰৱৰ্তী সময়ত চেতেশ্বৰ পূজাৰাৰ অৱসৰে ভাৰতীয় টেষ্ট দলৰ মধ্যম ক্ৰমত এক উল্লেখযোগ্য শূন্যতা সৃষ্টি কৰে ।

শুভমন গীলৰ অধিনায়কত্বত এটা নতুন যুগ-
নতুন অধিনায়ক শুভমন গীলৰ নেতৃত্বত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (২০২৫-২৭) চক্ৰ আৰম্ভ কৰে । ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ শৃংখলাৰ ২-২ ব্যৱধানত ড্ৰ’ৰে অন্ত পৰে । গীলে চাৰিটা শতককে ধৰি ৭৫৪ ৰান সংগ্ৰহ কৰি অধিনায়কৰ দায়িত্ব আৰু বেটিং দুয়োটা দিশতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰে ।
স্পীনৰ বিৰুদ্ধে বেটিং ব্যৰ্থতা-
কিন্তু ইয়াৰ পাছতো টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ প্ৰদৰ্শন অৱনতি ঘটিছিল । দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ চাইমন হাৰ্মাৰ আৰু তাৰ পূৰ্বে নিউজীলেণ্ডৰ স্পীন বলাৰৰ বিৰুদ্ধে ভাৰতীয় বেটিং সম্পূৰ্ণৰূপে ব্যৰ্থ হয় । ১২৪ ৰানৰ সৰু লক্ষ্যতো উপনীত হোৱাত ব্যৰ্থ হোৱা ভাৰতীয় দলটোৰ এই গুৰুতৰ দুৰ্বলতাক উন্মোচিত কৰে ।
ডব্লিউ টি চিৰ ফাইনেললৈ কঠিন পথ-
এই পৰাজয়ে ভাৰতক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত কৰে । ২০২৬ত শ্ৰীলংকা আৰু নিউজীলেণ্ডলৈ কঠিন ভ্ৰমণৰ বাবে এই ৰাউণ্ডত ফাইনেলত প্ৰৱেশ কৰাটো এতিয়া অত্যন্ত কঠিন যেন লাগে ।
মহিলা ক্ৰিকেটৰ উজ্জ্বল ভৱিষ্যত-
মহিলা ক্ৰিকেটৰ বাবে এই বছৰটো অত্যন্ত ইতিবাচক । ১৯ বছৰ অনুৰ্ধ মহিলা দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ অক্ষুণ্ণ ৰাখে । এদিনীয়া বিশ্বকাপ জয়ৰ পিছত বিচিচিআইয়ে মহিলা খেলুৱৈৰ ঘৰুৱা মেচৰ মাচুল বৃদ্ধি কৰে আৰু তেওঁলোকে অধিক সমৰ্থনো লাভ কৰে, যি ভৱিষ্যতৰ বাবে শুভ সংকেত ।
বিচিচিআইত নেতৃত্বৰ পৰিৱৰ্তন-
২০২৫ চনত ভাৰতীয় ক্ৰিকেট প্ৰশাসনতো পৰিৱৰ্তন ঘটিছিল । ৰজাৰ বিনিৰ ঠাইত দিল্লীৰ প্ৰাক্তন ক্ৰিকেটাৰ মিথুন মানহাছ বিচিচিআইৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় । সৌৰভ গাংগুলী আৰু ভেংকটেশ প্ৰসাদৰ দৰে প্ৰাক্তন খেলুৱৈয়ে নিজ নিজ ৰাজ্যিক সংঘৰ দায়িত্ব লয় ।
ক্ৰিকেটত ভাৰত-পাকিস্তানৰ উত্তেজনাৰ প্ৰভাৱ-
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পাছৰ সামৰিক অভিযানে ভাৰত-পাকিস্তানৰ সম্পৰ্ক আৰু অধিক কঠিন কৰি তুলিছিল । ইয়াৰ প্ৰভাৱ ক্ৰিকেটতো পৰে । এছিয়া কাপৰ সময়ত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী খেলুৱৈক হেণ্ডশ্বেক কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, যিটো ট্ৰফী এতিয়া ডুবাইৰ এচিচিৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছে ।
আই পি এলত আৰ চি বিৰ ঐতিহাসিক জয় আৰু ট্ৰেজেডী-
২০২৫ চনৰ আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে প্ৰথমটো খিতাপ দখল কৰি ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই । কিন্তু এম চিন্নাস্বামী ষ্টেডিয়ামত এই বিজয় উদযাপনৰ সময়ত হোৱা কৰুণ ঘটনাত ১১ জন অনুৰাগীৰ মৃত্যু হোৱাৰ লগতে ৫৬ জন আহত হয় । তাৰ পিছৰে পৰা এই ষ্টেডিয়ামত কোনো ডাঙৰ মেচ অনুষ্ঠিত হোৱা নাই ।
লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত ল’লে বিৰাট কোহলীয়ে…









