অসম ভ্ৰমণ সামৰি পশ্চিম বংগত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ । ৰাজ্যখনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ দলীয় কৰ্মীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব ।
২০২৬ চনত পশ্চিম বংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ আৰু ইয়াৰ বাবে সকলো ৰাজনৈতিক দলে সাজু হৈছে । ইফালে, সোমবাৰৰ পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া পশ্চিম বংগ ভ্ৰমণ । আজি সন্ধিয়া তেওঁ কলকাতাত উপস্থিত হৈ ৩১ ডিচেম্বৰলৈকে তাতেই থাকিব । এই ভ্ৰমণৰ সময়ত শ্বাহে অহা বছৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব ।
সোমবাৰে সন্ধিয়া কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । ইয়াৰ পিছতে তেওঁ কলকাতাৰ ছল্ট লেক পাৰ্টিৰ কাৰ্যালয়ত বিজেপিৰ পশ্চিম বংগ ইউনিটৰ মূল দলৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰু সাংগঠনিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব । এই বৈঠক আজি নিশা অনুষ্ঠিত হ’ব ।
ৰাজ্যিক সমিতিৰ এগৰাকী সদস্যৰ মতে, গৃহমন্ত্ৰীয়ে দলটোৰ সাংগঠনিক শক্তি পুনৰীক্ষণ কৰি বিজেপিৰ ৰাজ্যিক সমিতিৰ গঠন সন্দৰ্ভত চূড়ান্ত পৰামৰ্শ আগবঢ়াব বুলি আশা কৰা হৈছে । তদুপৰি ৰাজ্যখনত চলি থকা এছ আই আৰৰ সৈতে জড়িত স্পৰ্শকাতৰ বিষয়সমূহৰ সমাধানৰ বাবে তেওঁ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে । তেওঁ ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ সামগ্ৰিক প্ৰচাৰ কৌশলৰ ৰূপৰেখা দাঙি ধৰিব, বিশেষকৈ আলোকপাত কৰিবলগীয়া মূল বিষয়সমূহ ।
কিন্তু নৱবৰ্ষৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিনীয়া ভ্ৰমণৰ সময়ত অমিত শ্বাহে কোনো ৰাজহুৱা সভা, ৰোড শ্ব’, ৰাজহুৱা সভাত ভাষণ নিদিয়ে । মঙলবাৰে (৩০ ডিচেম্বৰ), পুৱা ১১:৩০ বজাত কলকাতাৰ হোটেল অল্ট-এয়াৰত সংবাদ মাধ্যমক সম্বোধন কৰিব শ্বাহে । ১:৩০ বজাত তেওঁ হোটেল অল্ট-এয়াৰত ৰাজ্যিক মূল সমিতিৰ বৈঠক অনুষ্ঠিত কৰিব । তদুপৰি তেওঁ ইস্কন মন্দিৰ আৰু কলকাতাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয় পৰিদৰ্শন কৰিব, য’ত তেওঁ সংগঠনটোৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰিব ।
লগতে পঢ়ক : এটা এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক খেদি পঠিওৱা হ’ব… গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ









