বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ বিৰুদ্ধে হিংসা... আন এজন হিন্দু যুৱকক বৰ্বৰ হত্যা

বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ বিৰুদ্ধে হিংসা… আন এজন হিন্দু যুৱকক বৰ্বৰ হত্যা

বাংলাদেশত বুধবাৰে গভীৰ নিশা এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰে এদল উন্মত্ত বাংলাদেশী নাগৰিকে । ৱকজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয় । বাংলাদেশত অবিৰতভাৱে হিংসা অব্যাহত আছে । দীপু চন্দ্ৰ দাসৰ পিছত আন এজন

বাংলাদেশত বুধবাৰে গভীৰ নিশা এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰে এদল উন্মত্ত বাংলাদেশী নাগৰিকে । ৱকজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয় ।

বাংলাদেশত অবিৰতভাৱে হিংসা অব্যাহত আছে । দীপু চন্দ্ৰ দাসৰ পিছত আন এজন হিন্দু যুৱক দেশখনত গণৰোষৰ বলি হৈছে । দেশখনত পুনৰ এগৰাকী হিন্দু যুকক নিষ্ঠুৰভাৱে প্ৰহাৰ কৰি হত্যা কৰা বুলি বৃহস্পতিবাৰে পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণ ধন দাবীৰ সৈতে জড়িত ।

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি বাংলাদেশৰ ৰাজবাৰী জিলাৰ পানছাত বুধবাৰে গভীৰ নিশা এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰে এদল উন্মত্ত বাংলাদেশী নাগৰিকে । আৰক্ষীয়ে জনোৱা মতে, নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা ।

দেশখনৰ আৰক্ষীয়ে জনোৱা মতে, মৃত ব্যক্তিজনৰ নাম অমৃত মণ্ডল ওৰফে সম্ৰাট, যাৰ বিৰুদ্ধে ধন দাবীৰ কেইবাটাও গোচৰ ৰুজু হৈ আছিল । আৰক্ষীয়ে জনোৱা মতে অমৃত আছিল “সম্ৰাট বাহিনী”ৰ মুৰব্বী । অমৃত মণ্ডল ওৰফে সম্ৰাট (৩০) হুছেইনদংগাৰ অক্ষয় মণ্ডলৰ পুত্ৰ । সম্ৰাটৰ এজন সহযোগী মহম্মদ চেলিমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি, পাংছা চক্ৰৰ সহকাৰী আৰক্ষী অধীক্ষক দেবৰাতা সৰকাৰে জনোৱা মতে, স্থানীয় ৰাইজৰ পৰা এজন লোকক আক্ৰমণ কৰা বুলি তথ্য লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । সম্ৰাট নামেৰেও পৰিচিত অমৃত মণ্ডল নামৰ যুৱকজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয় ।

দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুকক হত্যাৰ মাত্ৰ কেইদিনমান পিছতে এই ঘটনা সংঘটিত হৈছে । মইমনছসিঙৰ ভালুক অঞ্চলত ২৭ বছৰীয়া হিন্দু যুৱকগৰাকীক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰে আৰু তাৰ পিছত তেওঁৰ মৃতদেহ জ্বলাই দিয়ে ।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে দীপু চন্দ্ৰক হত্যা কৰা ঘটনাক গৰিহণা দি কয় যে দেশত হিংসা আৰু সাম্প্ৰদায়িক হিংসাৰ কোনো স্থান নাই ।

লগতে পঢ়ক : অস্থিৰতাৰ মাজতে বনবাসৰ অন্ত পেলাই বাংলাদেশলৈ ঘূৰিল তাৰিক ৰহমান, ভংগ কৰিলে প্ৰতিশ্ৰুতি !