পবিত্ৰ বৰদিনৰ এদিন পূৰ্বে ঢাকাত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা । এই ঘটনাত এজনৰ মৃত্যু হৈছে ।
বাংলাদেশৰ পৰিস্থিতি দিনক দিনে অধিক ভয়াৱহ হৈ পৰিছে । বৰদিনৰ মাত্ৰ এদিন পূৰ্বে বুধবাৰে ৰাজধানী ঢাকাৰ মোগবজাৰত দুষ্কৃতিকাৰীয়ে পেট্ৰ’ল বোমা বিস্ফোৰণ ঘটোৱাত এজন লোকৰ মৃত্যু হয় ।
নিহত লোকজনৰ নাম ছাইফুল ছিয়াম । বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই ঘটনা । বাংলাদেশ ফ্ৰীডম ফাইটাৰ্ছ কাউন্সিলৰ ঠিক বিপৰীতে থকা ৱায়াৰলেছ গেটৰ ঠিক সন্মুখতে এই ঘটনা সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বোমাটো উৰণ সেতুৰ পৰা নিক্ষেপ কৰা হৈছিল, যাৰ ফলত লোকজনৰ মৃত্যু হয় ।
ঢাকা মহানগৰ আৰক্ষীয়ে কয় যে প্ৰাথমিক তদন্তৰ পৰা বোমাটো উৰণ সেতুৰ পৰা নিক্ষেপ কৰা হৈছে । এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই । বোমাটো পোনে পোনে ছাইফুলৰ গাতে পৰে যাৰ ফলত তেওঁৰ ঠাইতে মৃত্যু হয় । চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি অপৰাধীক চিনাক্ত কৰা হৈছে ।
লগতে পঢ়ক : বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ হাওৰাত তীব্ৰ প্ৰতিবাদ, আৰক্ষী আৰু বিজেপি সমৰ্থকৰ সংঘাত









