ভাৰত-ওমানৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ; দেশৰ বাবে খোল খাব পৃথিৱীৰ বহু ডাঙৰ বজাৰ!

ভাৰত-ওমানৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ; দেশৰ বাবে খোল খাব পৃথিৱীৰ বহু ডাঙৰ বজাৰ!

বৃহস্পতিবাৰে ভাৰত-ওমানৰ মাজত স্বাক্ষৰ হ’ল মুক্ত বাণিজ্য চুক্তি। প্ৰধানমন্ত্ৰী মোদীয়ে ওমানৰ চুলতান হাছিম বিন তাৰিক আল ছাইদক সাক্ষাৎ কৰি এই চুক্তি স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ওমানৰ চুলতান হাছিম বিন তাৰিক আল ছাইদক সাক্ষাৎ কৰি দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে। এই সময়ছোৱাত ভাৰত আৰু

বৃহস্পতিবাৰে ভাৰত-ওমানৰ মাজত স্বাক্ষৰ হ’ল মুক্ত বাণিজ্য চুক্তি। প্ৰধানমন্ত্ৰী মোদীয়ে ওমানৰ চুলতান হাছিম বিন তাৰিক আল ছাইদক সাক্ষাৎ কৰি এই চুক্তি স্বাক্ষৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ওমানৰ চুলতান হাছিম বিন তাৰিক আল ছাইদক সাক্ষাৎ কৰি দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

এই সময়ছোৱাত ভাৰত আৰু ওমানে মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰ কৰে।এই উপলক্ষে ওমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ‘অৰ্ডাৰ অৱ ওমান’ৰে সম্বৰ্ধনা জনায়।

এই চুক্তিৰ জৰিয়তে ভাৰতৰ শ্ৰম নিবিড় খণ্ড যেনে বস্ত্ৰ, চামৰা, জোতা, ৰত্ন আৰু গহনা, অভিযান্ত্ৰিক সামগ্ৰী, প্লাষ্টিক, আচবাব, কৃষি সামগ্ৰী, ঔষধ, চিকিৎসা সঁজুলি আৰু অটোম’বাইলৰ ৰপ্তানি বৃদ্ধি পাব।

ইয়াৰ দ্বাৰা কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু শিপিনী, মহিলা নেতৃত্বাধীন উদ্যোগৰ লগতে এম এছ এম ই সমূহো শক্তিশালী হ’ব।

বিগত ছমাহৰ ভিতৰত ভাৰতৰ এয়া দ্বিতীয়খন মুক্ত বাণিজ্য চুক্তি।ভাৰতে কিছু বছৰত কেইবাখনো মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰ কৰিছে,যাৰ কাৰণে আমাৰ কৃষক, ব্যৱসায়ী আৰু ৰপ্তানিকাৰকসকলে সুবিধা লাভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে,ভাৰত-ওমান মুক্ত বাণিজ্য চুক্তিয়ে বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ, অটোমোবাইল, গহনা, কৃষি ৰাসায়নিক, নবীকৰণযোগ্য শক্তি আৰু অটো কম্পোনেণ্টৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব।

ভাৰত-ওমান ব্যৱসায়িক মঞ্চত ভাষণ দি পীয়ুষ গোৱেলে কয় যে উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি),ভাৰতীয় ব্যৱসায়ীসকলক বজাৰত উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰি পূব ইউৰোপ, মধ্য এছিয়া আৰু আফ্ৰিকাৰ প্ৰৱেশদ্বাৰ হিচাপে ওমানক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হৈছিল।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীলৈ ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান, ক’লে-মোৰ বাবে সৌভাগ্যৰ কথা…

শেহতীয়া প্ৰৱন্ধসমূহ