হৰমুজ প্ৰণালীত গুজৰাট অভিমুখী জাহাজত আক্ৰমণ, ওমান নৌসেনাৰ উদ্ধাৰ অভিযান

আক্ৰমণৰ পিছতে জাহাজখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়

পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ১১ মাৰ্চত হৰমুজ প্ৰণালীত এক বৃহৎ ঘটনা সংঘটিত হয় । থাইলেণ্ডৰ পতাকা থকা এখন মালবাহী জাহাজ গুজৰাট অভিমুখে আহি থকা অৱস্থাত কোনো অজ্ঞাত বস্তুৱে আঘাত কৰে । আক্ৰমণৰ পিছতে জাহাজখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় । ওমানৰ উত্তৰ উপকূলৰ পৰা প্ৰায় ১১ নটিকেল মাইল দূৰত্বত সংঘটিত হৈছে এই ঘটনা ।

জাহাজখনৰ নাম “ময়ুৰী নাৰী” বুলি চিনাক্ত কৰা হৈছে । থাইলেণ্ড চৰকাৰে কয় যে আক্ৰমণৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় । জাহাজখনত মুঠ ২৩ জন ক্ৰু মেম্বাৰ আছিল । ওমানৰ নৌসেনাই ক্ষিপ্ৰতাৰে অভিযান চলাই ২০ জনক নিৰাপদে উদ্ধাৰ কৰে । অৱশ্যে জাহাজখনত এতিয়াও তিনিজন ক্ৰু মেম্বাৰ আছে । তেওঁলোকৰ অৱস্থা বা জাহাজখনৰ ক্ষতিৰ পৰিসৰৰ তথ্য এতিয়াও প্ৰকাশ কৰা নাই বিষয়াসকলে ।

ৰয়েল থাই নেভি আৰু ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচনে এই আক্ৰমণৰ খবৰ দিয়ে । তদন্তত প্ৰকাশ পাইছে যে জাহাজখন প্ৰিচিয়াছ শ্বিপিং নামৰ কোম্পানী এটাৰ মালিকানাধীন বাল্ক কেৰিয়াৰ আছিল । ইয়াৰ পৰিচয় ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ নম্বৰ আৰু জাহাজখনৰ কামৰ দ্বাৰা নিশ্চিত কৰা হৈছিল । এই আক্ৰমণৰ পিছত সংঘটিত হোৱা অগ্নিকাণ্ডক সময়মতে নিয়ন্ত্ৰণলৈ অনা হয় ।

সামুদ্ৰিক অনুসৰণ ব্যৱস্থাৰ তথ্য অনুসৰি এই আক্ৰমণ সংঘটিত হৈছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জাহাজ পথ হৰমুজ প্ৰণালীৰ ভিতৰত, যিয়ে বিশ্বৰ শক্তি যোগানৰ এক উল্লেখযোগ্য অংশ । জাহাজখনৰ শেষৰটো লিপিবদ্ধ স্থান আছিল ১১ মাৰ্চত ওমানৰ উপকূলৰ ওচৰত ।

লগতে পঢ়ক : ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানৰ ড্ৰোন আক্ৰমণ, এগৰাকী ভাৰতীয়ৰ লগতে ৪জন আহত

ফ্ৰান্স-আমেৰিকাৰ পৰা ওমানলৈকে… ২০২৫ বৰ্ষত কোন কোন দেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ ভ্ৰমণ আৰম্ভ কৰিছিল । এই বৰ্ষটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২২খন দেশ ভ্ৰমণ কৰে ।

২০২৫ বৰ্ষই আমাৰ পৰা বিদায় লোৱাৰ সময় সমাগত । ভাৰতৰ বাবে কিছু কিছু ক্ষেত্ৰত এয়া আছিল এক প্ৰত্যাহ্বানমূলক বছৰ । ভাৰতে অন্যান্য বিষয়ৰ লগতে সন্ত্ৰাসবাদী আক্ৰমণ, পাকিস্তানৰ সৈতে সামৰিক সংঘাত, আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ সৈতে যুঁজি থকাৰ সময়তে দেশখনে বৈদেশিক নীতি শক্তিশালী কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় স্বাৰ্থৰ উন্নতিৰ পোষকতা কৰি চলিত বৰ্ষত মুঠ ২৩খন দেশ ভ্ৰমণ কৰে ।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ ভ্ৰমণ আৰম্ভ কৰিছিল আৰু সেই বছৰৰ শেষৰ ফালে তেওঁ ওমান ভ্ৰমণ কৰিছিল, য’ত প্ৰধানমন্ত্ৰীয়ে লাভ কৰা সন্মান আৰু বিশেষ আদৰণিয়ে ভাৰতৰ বিশ্বব্যাপী স্থান প্ৰদৰ্শন কৰিছিল । আজি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৩টা বিদেশ ভ্ৰমণৰ ওপৰত আলোকপাত কৰিম, যিয়ে বিশ্ব মঞ্চত ভাৰতৰ গুৰুত্ব আৰু প্ৰতিপত্তি আৰু অধিক বৃদ্ধি কৰিলে আৰু ভাৰতৰ বৈদেশিক নীতিক শক্তিশালী কৰিলে ।

১১-১২ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ফ্ৰান্সৰ এ আই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ ভাৰতৰ এ আই মিছনৰ বিষয়ে বিশ্ববাসীক অৱগত কৰে । ২০২৬ চনত ভাৰতে এ আই শীৰ্ষ সন্মিলন আয়োজন কৰিব । ভাৰত আৰু ফ্ৰান্সৰ মাজত সম্পৰ্ক গভীৰ হৈ পৰিল । ভাৰতে এতিয়া আতিথ্য প্ৰদান কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ।

১২-১৩ ফেব্ৰুৱাৰীঃ আমেৰিকা ভ্ৰমণ, ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । দুয়োখন দেশ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সহমতত উপনীত হয় । ক্ষমতালৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে ট্ৰাম্পে হোৱাইট হাউছলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনায় । এই সময়ছোৱাত ইউ এছ-ইণ্ডিয়া কম্পেক্ট নামৰ এক নতুন পদক্ষেপ আৰম্ভ কৰা হয় । মিছন-৫০০ অৰ্থাৎ ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যত ৫০০ বিলিয়ন ডলাৰ লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় । বিটিএ (বাণিজ্যিক চুক্তি) সন্দৰ্ভতো দুয়োগৰাকী নেতাৰ মাজত আলোচনা হয় । ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ কৰিডৰ আৰু আই টু ইউ ২ সন্দৰ্ভতো আলোচনা কৰা হয় । এই সময়ছোৱাত তাহাৱুৰ ৰাণাক প্ৰত্যাৰ্পণতো অনুমোদন জনোৱা হয় ।

১১-১২ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিচাছ ভ্ৰমণ । মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱসত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকে । ভাৰতৰ ভিজন সাগৰৰ বাবে মৰিচাছ গুৰুত্বপূৰ্ণ ।

৩-৪ এপ্ৰিলঃ বিমষ্টেক শীৰ্ষ সন্মিলনৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । থাইলেণ্ড-ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কতো থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা হয় । ইয়াক ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ বুলিও গণ্য কৰা হয় ।

৪-৬ এপ্ৰিলঃ শ্ৰীলংকা ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । নতুন চৰকাৰ গঠনৰ পিছত এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰীলংকা ভ্ৰমণ । সংকটৰ সময়ত ভাৰতে শ্ৰীলংকাৰ সৈতে থিয় দিছিল আৰু প্ৰথম সঁহাৰিদাতাৰ ভূমিকা পালন কৰিছিল । এই ভ্ৰমণক চুবুৰীৰ প্ৰথম নীতিৰ প্ৰতিফলন হিচাপে দেখা গৈছে ।

২২ এপ্ৰিলঃ ছৌদি ক্ৰাউন প্ৰিন্সৰ আমন্ত্ৰণত চৌদি আৰৱ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই ভ্ৰমণে উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সুদৃঢ় সম্পৰ্কৰ সাক্ষ্য দিয়ে । মুছলিম ৱৰ্ল্ড লীগৰ সচিব প্ৰধানেও প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত মিলিত হয় । ভাৰত-চৌদি আৰব ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ কাউন্সিল (এছ পি চি)ৰ বৈঠক অনুষ্ঠিত কৰে ক্ৰাউন প্ৰিন্সে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণকো গৰিহণা দিয়ে ক্ৰাউন প্ৰিন্সে । ভাৰতলৈ ঘূৰি অহাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ বাতিল কৰি পহলগাম আক্ৰমণৰ পিছত ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে ।

১৫-১৬ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণ । দুই দশকৰ ভিতৰত এইটোৱেই আছিল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম চাইপ্ৰাছ ভ্ৰমণ । ভূমধ্যসাগৰীয় অঞ্চলৰ এই ভ্ৰমণ আছিল উল্লেখযোগ্য । দশক দশক ধৰি কোনো প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ নকৰা দেশৰ সৈতে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এয়া আছিল এক উল্লেখযোগ্য ভ্ৰমণ । ছাইপ্ৰাছে পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ।

১৬-১৭ জুন : জাষ্টিন ট্ৰুডোৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত ভাৰত আৰু কানাডাৰ সম্পৰ্কৰ অৱনতি ঘটাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম কানাডা ভ্ৰমণ । কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল তেওঁ । কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত তেওঁ এই ভ্ৰমণ কৰে । এই ভ্ৰমণৰ সময়ত ভাৰত আৰু কানাডাৰ উচ্চায়ুক্তসকলক পুনৰ নিয়োগ কৰাৰ ক্ষেত্ৰত এক চুক্তিত উপনীত হয় । আৰলি প্ৰগ্ৰেছ ট্ৰেড এগ্ৰিমেণ্ট সন্দৰ্ভতো আলোচনা কৰা হয় । দুয়োখন দেশৰ মাজৰ সম্পৰ্ক পুনৰ শুদ্ধ পথলৈ অহা যেন দেখা যায় । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত দীঘলীয়া টেলিফোনিক বাৰ্তালাপ হয় ।

১৮ জুন : ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰপথমবাৰৰ বাবে ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰে । ই দুয়োখন দেশৰ সম্পৰ্কত এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে । ইয়াক ইউৰোপীয় সংঘৰ অংশীদাৰৰ সৈতে আলোচনা, সংযোগ আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপ বজাই ৰখাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰদৰ্শন হিচাপে দেখা গৈছিল ।

২-৩ জুলাই : তিনি দশকৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথমটো ঘানা ভ্ৰমণ । ভাৰত আৰু ঘানাৰ মাজৰ সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল । ঘানাই প্ৰধানমন্ত্ৰী মোদীক দেশকৰ ৰাষ্ট্ৰীয় সন্মানে  “অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা” সন্মানেৰে সন্মানিত কৰে । ঘানাৰ সংসদতো ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ।

৩-৪ জুলাই : প্ৰধানমন্ত্ৰী মোদীৰ আনুষ্ঠানিক ট্ৰিনিদাদ এণ্ড ট’বাগো ভ্ৰমণ । ১৯৯৯ চনৰ পিছত দেশখনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিনিদাদৰ সংসদৰ যৌথ অধিৱেশনত ভাষণ দিয়ে । গ্ল’বেল চাউথৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো আলোচনাত গুৰুত্ব আৰোপ কৰা হয় । গ্ল’বেল চাউথৰ দেশসমূহৰ বাবে ভাৰত হৈছে এক শক্তিশালী কণ্ঠ । ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা “দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো”ৰে সন্মানিত কৰা হয় নৰেন্দ্ৰ মোদীক ।

৪-৫ জুলাইঃ প্ৰধানমন্ত্ৰী মোদীৰ আৰ্জেণ্টিনা ভ্ৰমণ । ৰাষ্ট্ৰপতি মিলীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । আলোচনাত ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

৫-৮ জুলাইঃ ব্ৰাজিল ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । এই ভ্ৰমণৰ সময়ত তেওঁ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে । ব্ৰিকছৰ দেশসমূহে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে, বিশেষকৈ চীন, যিখনো ব্ৰিকছৰ সদস্য । ৰিঅ’ ডি জেনেইৰোৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়ালৈ যাত্ৰা কৰে আৰু তাৰ পৰাই তেওঁৰ ৰাজকীয় ভ্ৰমণ আৰম্ভ হয় । দুয়োখন দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা হয় । আগন্তুক পাঁচ বছৰত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ।

৯ জুলাইঃ ৰাজকীয় ভ্ৰমণসূচীৰে নামিবিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । ভাৰতৰ পৰা এয়া আছিল তৃতীয় প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ । এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম নামিবিয়া ভ্ৰমণ । তেওঁ নামিবিয়াৰ সংসদতো ভাষণ দিয়ে । নামিবিয়াই প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ বঁটা “অৰ্ডাৰ অৱ দ্য মষ্ট এন্সিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ”ৰে সন্মানিত কৰে ।

২৩-২৪ জুলাইঃ প্ৰধানমন্ত্ৰী মোদীৰ ব্ৰিটেইনলৈ আনুষ্ঠানিক ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ৰজা তৃতীয় চাৰ্লছকো তেওঁ সাক্ষাৎ কৰে । ভাৰত আৰু ব্ৰিটেইনৰ মাজত ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (CETA) ঘোষণা কৰা হয় । এইটো এটা ডাঙৰ সিদ্ধান্ত বুলি ধৰিব পাৰি । দুয়োগৰাকী নেতাই ভাৰত-ইউ কে ভিজন ২০৩৫ক স্বীকাৰ কৰে ।

২৫-২৬ জুলাইঃ প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত মালদ্বীপৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী । ভাৰতৰ শক্তিক স্বীকাৰ কৰি ভাৰতৰ সৈতে আগবাঢ়ি যাবলৈ বাধ্য হ’ল মালদ্বীপৰ ৰাষ্ট্ৰপতি । ভাৰতৰ বাবে এয়া আছিল এক বৃহৎ কূটনৈতিক জয়, কিয়নো “ইণ্ডিয়া আউট” শ্লোগান উত্থাপন কৰা মইজুৱে মালদ্বীপৰ জনসাধাৰণৰ হেঁচাত নতশিৰ হৈ ভাৰতৰ সৈতে আগবাঢ়ি যাব লগা হয় ।

২৯-৩০ আগষ্টঃ জাপান ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । তেওঁ ১৫ সংখ্যক ভাৰত-জাপান সন্মিলনত অংশ লয় ।

৩১ আগষ্ট-১ ছেপ্টেম্বৰ : ২০১৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত এছচিঅ’ৰ বৈঠকত অংশগ্ৰহণ কৰে । এই ভ্ৰমণৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে তেওঁৰ গাড়ী চলোৱাৰ বিষয়ে বহু চৰ্চিত হৈছিল । ভাৰত-চীনৰ সম্পৰ্কৰ নতুন আৰম্ভণি । দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বাবে চুক্তিত উপনীত হয় । সীমান্ত অঞ্চলত শান্তি আৰু স্থিতিশীলতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । কৈলাশ মানসৰোৱৰ যাত্ৰা আৰু পৰ্যটন ভিছা সন্দৰ্ভতো আলোচনা হয় । ২০২৬ চনত চীনৰ ৰাষ্ট্ৰপতিক ব্ৰিকছ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে ।

১১-১২ নৱেম্বৰঃ ভূটান ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী । ভূটানৰ ৰজাক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে তেওঁ । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ শোক প্ৰকাশ কৰি এই আক্ৰমণৰ দোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব বুলি উল্লেখ কৰে ।

২১-২৩ নৱেম্বৰঃ দক্ষিণ আফ্ৰিকা ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে কেইবাগৰাকীও ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে ।

১৫-১৬ ডিচেম্বৰ : জৰ্ডান ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । তেওঁ জৰ্ডানৰ ৰজাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । আঞ্চলিক কূটনীতি আৰু কৌশলৰ ক্ষেত্ৰত এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয় ।

১৬-১৭ ডিচেম্বৰ : ইথিওপিয়া ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । ইথিওপিয়াই প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ বঁটাৰে সন্মানিত কৰে । এই সময়ছোৱাত দুয়োখন দেশৰ মাজৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হয় ।

১৭-১৮ ডিচেম্বৰঃ ওমান ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । তেওঁ ওমানৰ চুলতানক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত এফ টি এ ঘোষণা কৰে । ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰিৰ পৰা যুৱ শক্তি, অপাৰেচন সিন্দুৰলৈকে… মন কি বাতত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

ভাৰত-ওমানৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ; দেশৰ বাবে খোল খাব পৃথিৱীৰ বহু ডাঙৰ বজাৰ!

বৃহস্পতিবাৰে ভাৰত-ওমানৰ মাজত স্বাক্ষৰ হ’ল মুক্ত বাণিজ্য চুক্তি। প্ৰধানমন্ত্ৰী মোদীয়ে ওমানৰ চুলতান হাছিম বিন তাৰিক আল ছাইদক সাক্ষাৎ কৰি এই চুক্তি স্বাক্ষৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ওমানৰ চুলতান হাছিম বিন তাৰিক আল ছাইদক সাক্ষাৎ কৰি দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

এই সময়ছোৱাত ভাৰত আৰু ওমানে মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰ কৰে।এই উপলক্ষে ওমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ‘অৰ্ডাৰ অৱ ওমান’ৰে সম্বৰ্ধনা জনায়।

এই চুক্তিৰ জৰিয়তে ভাৰতৰ শ্ৰম নিবিড় খণ্ড যেনে বস্ত্ৰ, চামৰা, জোতা, ৰত্ন আৰু গহনা, অভিযান্ত্ৰিক সামগ্ৰী, প্লাষ্টিক, আচবাব, কৃষি সামগ্ৰী, ঔষধ, চিকিৎসা সঁজুলি আৰু অটোম’বাইলৰ ৰপ্তানি বৃদ্ধি পাব।

ইয়াৰ দ্বাৰা কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু শিপিনী, মহিলা নেতৃত্বাধীন উদ্যোগৰ লগতে এম এছ এম ই সমূহো শক্তিশালী হ’ব।

বিগত ছমাহৰ ভিতৰত ভাৰতৰ এয়া দ্বিতীয়খন মুক্ত বাণিজ্য চুক্তি।ভাৰতে কিছু বছৰত কেইবাখনো মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰ কৰিছে,যাৰ কাৰণে আমাৰ কৃষক, ব্যৱসায়ী আৰু ৰপ্তানিকাৰকসকলে সুবিধা লাভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে,ভাৰত-ওমান মুক্ত বাণিজ্য চুক্তিয়ে বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ, অটোমোবাইল, গহনা, কৃষি ৰাসায়নিক, নবীকৰণযোগ্য শক্তি আৰু অটো কম্পোনেণ্টৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব।

ভাৰত-ওমান ব্যৱসায়িক মঞ্চত ভাষণ দি পীয়ুষ গোৱেলে কয় যে উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি),ভাৰতীয় ব্যৱসায়ীসকলক বজাৰত উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰি পূব ইউৰোপ, মধ্য এছিয়া আৰু আফ্ৰিকাৰ প্ৰৱেশদ্বাৰ হিচাপে ওমানক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হৈছিল।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীলৈ ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান, ক’লে-মোৰ বাবে সৌভাগ্যৰ কথা…

ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব মুক্ত বাণিজ্য চুক্তি

ইথিওপিয়া ভ্ৰমণ সামৰি বুধবাৰে ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ কালতে দুয়োখন দেশৰ মাজত এক অভিলাষী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব ।

তিনিখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্য্যায়ত বুধবাৰে ওমানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া এই ভ্ৰমণৰ সময়ত ওমানৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব মোদী । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত দুয়োখন দেশৰ মাজত এক অভিলাষী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব । মাস্কাটত উপস্থিত হোৱাৰ লগে লগে হোটেলত ভাৰতীয় মূলৰ লোকে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় ।

প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত উষ্ম আদৰণি জনায় ওমানৰ প্ৰতিৰক্ষা পৰিক্ৰমা বিভাগৰ উপ-প্ৰধানমন্ত্ৰী ছায়িদ শ্বিহাব বিন তাৰিক আল ছাইদে । তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণত ওমানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । উপসাগৰীয় দেশখনলৈ তেওঁৰ এয়া দ্বিতীয়টো ভ্ৰমণ আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ সম্পূৰ্ণ হৈছে ।

ওমানত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে, “মাস্কাট বিমানবন্দৰত উষ্ম আদৰণি জনোৱাৰ বাবে ওমানৰ উপ-প্ৰধানমন্ত্ৰী (ৰক্ষা পৰিক্ৰমা) ছায়িদ শ্বিহাব বিন তাৰিক আল ছাইদক বহুত বহুত ধন্যবাদ । আমাৰ মাজত অতি ভাল কথা-বতৰা হৈছিল, য’ত আমি ভাৰত-ওমান বন্ধুত্বৰ বিষয়ে আমাৰ চিন্তাধাৰা ভাগ কৰো ।”

ভাৰত আৰু ওমানৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তিত যোৱা শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল । আনুষ্ঠানিকভাৱে বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি নামেৰে নামাকৰণ কৰা এই চুক্তিৰ আলোচনা ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল আৰু এই বছৰতে সমাপ্ত হৈছিল । কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে শক্তিশালী বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে ওমানৰ চুলতান তাৰিকৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰবাসী ভাৰতীয়ৰ এক সমাৱেশতো ভাষণ দিব তেওঁ ।

লগতে পঢ়ক : আমি বন্ধুত্বৰ নতুন অধ্যায় লিখিছো… ইথিওপিয়াৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন