বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনা… দুজনৰ মৃত্যু, আঠজন আহত

বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনা… দুজনৰ মৃত্যু, আঠজন আহত

ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৮জন লোক আহত হয় । আমেৰিকাত আন এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৮জন লোক আহত হয় । আৰক্ষীয়ে

ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৮জন লোক আহত হয় ।

আমেৰিকাত আন এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৮জন লোক আহত হয় । আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে ব্ৰাউন ইউনিভাৰ্চিটি এলেকাত কেইবাজনো লোকক গুলীয়াই হত্যা কৰা হয় । ইয়াৰ পিছত আইভী লীগ বিদ্যালয়ে শ্বুটাৰ এলাৰ্ট জাৰি কৰি ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনায় ।

ব্ৰাউন বিশ্ববিদ্যালয়ৰ জৰুৰীকালীন অধিসূচনা ব্যৱস্থাৰ জৰিয়তে জাৰি কৰা এক সতৰ্কবাণী অনুসৰি বিশ্ববিদ্যালয়ৰ বিষয়াসকলে প্ৰথমে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক কয় যে এজন সন্দেহযুক্ত লোক জিম্মাত আছে, কিন্তু পিছত কয় যে সেয়া নহয় আৰু আৰক্ষীয়ে এতিয়াও সন্দেহযুক্ত লোকক বিচাৰি আছে ।

স্থানীয় নেতা জন গনছালভেছে কয় যে, “আমি এতিয়াও কি হৈ আছে তাৰ তথ্য লৈ আছো । আমি মানুহক খিৰিকী-দুৱাৰ বন্ধ কৰি ৰাখিবলৈ আৰু সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছো ।” ঘটনাক লৈ তেওঁ শোক প্ৰকাশ কৰে । খবৰ অনুসৰি বিশ্ববিদ্যালয়খনৰ স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড ফিজিক্স থকা সাত মহলীয়া কমপ্লেক্স বাৰাছ এণ্ড হলী বিল্ডিঙৰ সমীপত এই ঘটনা সংঘটিত হয় । বিশ্ববিদ্যালয়খনৰ ৱেবছাইট অনুসৰি এই ভৱনটোত ১০০টাতকৈও অধিক পৰীক্ষাগাৰ, কেইবা ডজন শ্ৰেণীকোঠা, কাৰ্যালয় আছে । ঘটনাৰ সময়ত অট্টালিকাটোত অভিযান্ত্ৰিক ডিজাইন পৰীক্ষা চলি আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্পকো এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে ।

লগতে পঢ়ক : ছিডনীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ; ধৰ্মীয় অনুষ্ঠানত নিৰ্বিচাৰ গুলীচালনা

শেহতীয়া প্ৰৱন্ধসমূহ