শাৰিৰীক স্বাস্থ্যৰ বাবে যিদৰে উপবাস প্ৰয়োজনীয় তেনেদৰে মানসিক স্বাস্থ্য তথা সখলতাৰ বাবে ডিজিটেল উপবাস অতিকে প্ৰয়োজনীয় । জানক কি এই ডিজিটেল উপবাস ?
আপুনি হয়তো শৰীৰ সুস্থ ৰাখিবলৈ আৰু ওজন কমোৱাৰ বাবে মাজে মাজে উপবাস কৰাৰ কথা বহুত শুনিছে, কিন্তু ডিজিটেল উপবাসৰ কথা শুনিছেনে ? যোগ গুৰু বাবা ৰামদেৱে শেহতীয়াকৈ এক অনুষ্ঠানত যুৱক-যুৱতীসকলক ডিজিটেল উপবাস, মানসিক ভাৰসাম্য আৰু শাৰীৰিক ফিটনেছৰ ওপৰত মূল্যৱান পৰামৰ্শ আগবঢ়াইছে ।
অনুষ্ঠানত তেওঁ কয়, “লঘু খাদ্য খাওক । কেইঘণ্টামান মোবাইলৰ পৰা আঁতৰি থাকক । মাজে মাজে উপবাস আৰু ডিজিটেল উপবাসৰো অভ্যাস কৰক । নিশা ৮ বজাৰ পৰা পুৱা ১০ বজালৈ কমেও ১০-১২ ঘণ্টা ডিজিটেল জগতৰ পৰা আঁতৰি থাকক । পৃথিৱীৰ সকলো মহান ব্যক্তিয়ে কমেও ৮ৰ পৰা ১০ ঘণ্টা মোবাইলৰ পৰা আঁতৰি থাকে ।”
ৰামদেৱে কয়, “বিশ্বৰ শ্ৰেষ্ঠ লোকসকলে এই কাম কৰে । তেওঁলোকে কমেও আঠৰ পৰা দহ ঘণ্টা মোবাইলৰ পৰা আঁতৰি থাকে । নিজৰ বাবেও সময় উলিয়াওক । চিন্তা কৰিবলৈ বা কিবা এটা কৰিবলৈ সময় উলিয়াওক । শাৰীৰিক ফিটনেছৰ লগতে মানসিক আৰু আৱেগিক ফিটনেছো অতি গুৰুত্বপূৰ্ণ । শাৰীৰিক অভাৱৰ দৰেই মানুহৰ মাজত বৃদ্ধি পোৱা মানসিক অভাৱসমূহ দূৰ কৰাটোও গুৰুত্বপূৰ্ণ ।”
তেওঁ কয়, “মই বছৰ বছৰ ধৰি কৈ আহিছো যে উপবাস কৰাটো অতি প্ৰয়োজনীয় । পেট, হৃদয় আৰু মনক জিৰণি দিয়ক । ডিজিটেল উপবাস ১০ ঘণ্টা হ’ব লাগে, য’ত আপুনি সকলো ডিজিটেল মাধ্যমৰ পৰা আঁতৰি থাকিব লাগে । এইটো মানসিক উপবাস, আনহাতে মাজে মাজে উপবাস কৰাটো স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় । দিনটোত এবাৰকৈ খাওক । লগতে বাণীৰ উপবাসো কৰক, মৌন ব্ৰত পালন কৰি ।”
লগতে পঢ়ক : শীতকালত কেনেকৈ ল’ব চুলিব যতন; কৰক এই কাম শীঘ্ৰেই পাব ফলাফল









