ধৰমশালাত আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয় টি–২০

ধৰমশালাত আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয় টি–২০

আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয়খন টি-২০ মেচ । ধৰমশালাত শৃংখলাত প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে যুঁজিব সূৰ্য ব্ৰিগেডে । সম্প্রতি কঠিন সময় পাৰ কৰিছে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলটোৰ অধিনায়ক শুভমন গিলে ৷ আলহী দল দক্ষিণ আফ্রিকাৰে খেলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ ইতিমধ্যে হৈ যোৱা প্রথম দুখন

আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয়খন টি-২০ মেচ । ধৰমশালাত শৃংখলাত প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে যুঁজিব সূৰ্য ব্ৰিগেডে ।

সম্প্রতি কঠিন সময় পাৰ কৰিছে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলটোৰ অধিনায়ক শুভমন গিলে ৷ আলহী দল দক্ষিণ আফ্রিকাৰে খেলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ ইতিমধ্যে হৈ যোৱা প্রথম দুখন মেচত সম্পূর্ণৰূপে ব্যর্থ হৈছে শুভমন গিল ৷ গিলৰ সমান্তৰালকৈ ব্যর্থ হৈছে টি–২০ দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱো ৷ দুয়োগৰাকী তাৰকা খেলুৱৈয়ে দীর্ঘদিন ধৰি অর্ধশতকৰ মুখ দেখা নাই ৷

শৃংখলাৰ আজি ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনত গিলৰ লগতে সূর্যকুমাৰ যাদৱেও নিজৰ ছন্দ ওভতাই পাব বুলি আত্মবিশ্বাসী দলীয় মেনেজমেণ্ট ৷ টি–২০ বিশ্বকাপলৈ দুমাহৰো কম সময় বাকী থকা অৱস্থাত গিল আৰু সূর্যকুমাৰৰ দুর্বল প্রদর্শনত চিন্তিত হৈ পৰিছে বিচিচিআই ৷ আজিৰ মেচখন দুয়োজন খেলুৱৈৰ বাবে অগ্নিপৰীক্ষাস্বৰূপ হৈ পৰিছে ৷ যদি আজি ধৰমশালাত উন্নত বেটিং প্রদর্শন দাঙি ধৰিব নোৱাৰে তেতিয়াহ’লে শৃংখলাৰ পৰৱর্তী মেচকেইখনত টীম ইণ্ডিয়াৰ মূল একাদশৰ পৰাও বাদ পৰাৰ সম্ভাৱনা আছে গিল আৰু সূর্যকুমাৰ ৷

ইপিনে, টীম ইণ্ডিয়াৰ বেটিং ক্রমৰ তিনি নম্বৰ স্থানটোক লৈ এতিয়াও সমস্যা আঁতৰা নাই ৷ ইতিমধ্যে কেইবাখনো মেচত তিনি নম্বৰ স্থানটোক লৈ পৰীক্ষা–নিৰীক্ষা চলাই থকা হৈছে যদিও এতিয়ালৈকে সুফল লাভ কৰা নাই ৷ নিউ চণ্ডীগড়ত সদ্য সমাপ্ত মেচখনত অক্ষৰ পেটেলক তৃতীয় স্থানত বেটিং কৰোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে দলীয় মেনেজমেণ্ট ৷ আনহাতে, গিল সম্পূর্ণৰূপে ব্যর্থ হোৱাৰ পিছতো সঞ্জু ছেমছনক মূল একাদশত অন্তর্ভুক্ত নকৰাক লৈও সমালোচনাৰ সন্মুখীন হৈছে নির্বাচক মণ্ডলী ৷ যদি আজিৰ মেচত গিলে আকর্ষণীয় ইনিংছ খেলিব নোৱাৰে তেতিয়াহ’লে পৰৱর্তী মেচত গিলৰ স্থানত সঞ্জু ছেমছনক ভাৰতীয় দলটোৰ মূল একাদশত অন্তর্ভুক্ত কৰাৰ পূর্ণ সম্ভাৱনা আছে ৷

আজিৰ মেচত জয়লাভ কৰি শৃংখলাটোত ২–১ত অগ্রগতি লোৱাৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই ৷ আজিৰ মেচখন সন্দর্ভত ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰে কয় যে দ্বিতীয়খন মেচত আমি আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছিলোঁ ৷ মোৰ লগতে দলটোৰ কেইবাগৰাকীও আগশাৰীৰ বেটাৰে নিজৰ ছন্দ অনুসাৰে খেলাত ব্যর্থ হৈছিল ৷ আশা ৰাখিছোঁ, এইখন মেচত মোৰ লগতে সতীর্থসকলেও উন্নত বেটিং প্রদর্শন দাঙি ধৰিব পাৰিব আৰু দলৰ জয়ত মুখ্য ভূমিকা ল’ব পাৰিব ৷ খেলৰ সময় : নিশা ৭ বজা ।

লগতে পঢ়ক : কোন হ’ব আই চি চিৰ ২০২৫ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ ? এইসকল খেলুৱৈৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন বিৰাট কোহলী

শেহতীয়া প্ৰৱন্ধসমূহ