৭৫ বছৰীয়া হ’ল দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনিকান্ত। প্ৰধানমন্ত্ৰী মোদীয়ে দিলে জন্মদিনৰ শুভেচ্ছা।
থালাইভা নামেৰে পৰিচিত ছুপাৰষ্টাৰ ৰজনীকান্তৰ আজি ৭৫ সংখ্যক জন্মদিন। জন্মদিন উপলক্ষে তেওঁক বহুটো লোকে শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তামিল ছুপাৰষ্টাৰ ৰজনীকান্তক জন্মদিনৰ শুভেচ্ছা জনাইছে। তেওঁৰ জন্মদিনত শুভেচ্ছা জনোৱাসকলৰ ভিতৰত আছে তেওঁৰ পূৰ্বৰ জোঁৱাই ধনুষ আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি ৰজনীকান্তৰ চিনেমাৰ বিখ্যাত যাত্ৰাক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, ‘থিৰু ৰজনীকান্ত জীলৈ তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ উপলক্ষে বিশেষ অভিনন্দন। তেওঁৰ অভিনয়ে প্ৰজন্মক মোহিত কৰিছে আৰু অপৰিসীম প্ৰশংসা লাভ কৰিছে’।
‘তেওঁৰ কামে বিভিন্ন ভূমিকা আৰু ধাৰাক সামৰি লৈছে, যিয়ে অহৰহ নতুন মাপকাঠী নিৰ্ধাৰণ কৰে। এই বছৰটো বিশেষ আছিল কাৰণ তেওঁ চলচ্চিত্ৰ জগতত ৫০ বছৰ সম্পূৰ্ণ কৰিছিল। তেখেতৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছো’
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম. ষ্টেলিনেও ৰজনীকান্তক জন্মদিনৰ শুভেচ্ছা জনায়।ছচিয়েল মিডিয়াত ৰজনীকান্তৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি তামিল ভাষাত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে, ‘ৰজনীকান্ত = বয়সৰ বাহিৰত মনোমোহা!’
‘এনে এক বাকপটুতা যিয়ে মঞ্চত অহাৰ লগে লগে সকলোকে সুখী কৰিব পাৰে।এখন হৃদয় যি বাহ্যিকভাৱে কথা নকয় কিন্তু ভিতৰত এটা কথা ৰাখে। মোৰ বন্ধু ছুপাৰষ্টাৰ ৰজনীকান্তলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ’।
লগতে পঢ়ক: আধৰুৱা হৈ ৰ’ল ধৰ্মেন্দ্ৰৰ এটি সপোন; অশ্ৰুসিক্ত নয়নেৰে প্ৰাৰ্থনা সভাত হেমা মালিনীৰ প্ৰকাশ









