ইণ্ডিগ’ সংকটৰ মাজতে DGCA ৰ ব্যৱস্থা; গাফিলতিৰ বাবে ৪ জন পৰিদৰ্শকক নিলম্বন

ইণ্ডিগ’ সংকটৰ মাজতে DGCA ৰ ব্যৱস্থা; গাফিলতিৰ বাবে ৪ জন পৰিদৰ্শকক নিলম্বন

৪ জন পৰিদৰ্শকৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে DGCA। ফ্লাইট অপাৰেচন ইন্সপেক্টৰ হিচাপে কৰ্মৰত ৪ জন পৰিদৰ্শকক নিলম্বন। ইণ্ডিগ’এয়াৰলাইন্সৰ পৰিচালনাৰ লগত জড়িত সমস্যাৰ প্ৰাৰম্ভিক তদন্তত বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকাল( DGCA) এ। তদন্তত একাংশ পৰিদৰ্শকক দোষী সাব্যস্ত হোৱাৰ পিছত ডিজিচিএই ইণ্ডিগ’ক নিৰীক্ষণ

৪ জন পৰিদৰ্শকৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে DGCA। ফ্লাইট অপাৰেচন ইন্সপেক্টৰ হিচাপে কৰ্মৰত ৪ জন পৰিদৰ্শকক নিলম্বন।

ইণ্ডিগ’এয়াৰলাইন্সৰ পৰিচালনাৰ লগত জড়িত সমস্যাৰ প্ৰাৰম্ভিক তদন্তত বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকাল( DGCA) এ।

তদন্তত একাংশ পৰিদৰ্শকক দোষী সাব্যস্ত হোৱাৰ পিছত ডিজিচিএই ইণ্ডিগ’ক নিৰীক্ষণ কৰা চাৰিজন বিমান পৰিচালনা পৰিদৰ্শকক নিলম্বন কৰা হৈছে।

এই আটাইকেইজন পৰিদৰ্শক ইণ্ডিগ’ বিমানৰ সুৰক্ষা আৰু পৰিচালনা পৰীক্ষাৰ লগত জড়িত আছিল। ধাৰণা কৰা হৈছে যে, তদন্ত আৰু নিৰীক্ষণৰ ক্ষেত্ৰত অৱহেলাৰ বাবে ডিজিচিএই এই কঠোৰ পদক্ষেপ ল’বলগীয়া হৈছিল।

যিসকল বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই আটাইকেইজন বিষয়া ঠিকাভিত্তিকভাৱে ডিজিচিএত কাম কৰি আছিল আৰু তেওঁৰ দায়িত্ব বিমান সংস্থাসমূহৰ বিশেষকৈ ইণ্ডিগ’ৰ নিৰাপত্তা আৰু কাৰ্য্যকৰী তদাৰকী আছিল।

ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে বিমান চলাচলত ব্যাঘাত জন্মা আৰু বিমানবন্দৰত যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত কেন্দ্ৰ আৰু ডিজিচিএক কঠোৰ প্ৰশ্ন উত্থাপন কৰিছিল।

লগতে পঢ়ক: ৰাজপথত চাৰিচকীয়া বাহনৰ সৈতে বিমানৰ সংঘৰ্ষ, ভাইৰেল দুৰ্ঘটনাৰ ভয়াৱহ ভিডিঅ’

শেহতীয়া প্ৰৱন্ধসমূহ