থাইলেণ্ডত গ্ৰেপ্তাৰ পলাতক লুথ্ৰা ভাতৃদ্বয়ক, গোৱা আৰক্ষীৰ দল ৰাওনা

থাইলেণ্ডত গ্ৰেপ্তাৰ পলাতক লুথ্ৰা ভাতৃদ্বয়ক, গোৱা আৰক্ষীৰ দল ৰাওনা

গোৱাত এটা নাইট ক্লাবত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ অভিযুক্ত লুথ্ৰা ভাতৃদ্বয়ক থাইলেণ্ডত আটক কৰা হৈছে । এই ভাতৃদ্বয়ক ভাৰতলৈ আনিবলৈ থাইলেণ্ড ৰাওনা হৈছে গোৱা আৰক্ষীৰ এটা দল । ভাৰতৰ অনুৰোধত থাইলেণ্ড আৰক্ষীয়ে লুথ্ৰা ভাতৃদ্বয়ক ফুকেটত আটক কৰিছে । শেহতীয়াকৈ গোৱাত নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত

গোৱাত এটা নাইট ক্লাবত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ অভিযুক্ত লুথ্ৰা ভাতৃদ্বয়ক থাইলেণ্ডত আটক কৰা হৈছে । এই ভাতৃদ্বয়ক ভাৰতলৈ আনিবলৈ থাইলেণ্ড ৰাওনা হৈছে গোৱা আৰক্ষীৰ এটা দল ।

ভাৰতৰ অনুৰোধত থাইলেণ্ড আৰক্ষীয়ে লুথ্ৰা ভাতৃদ্বয়ক ফুকেটত আটক কৰিছে । শেহতীয়াকৈ গোৱাত নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত ২৫ জন লোকে প্ৰাণ হেৰুৱাইছিল । এই নাইট ক্লাবটোৰ প্ৰতিষ্ঠাপক লুথ্ৰা ভাতৃদ্ব এই ঘটনাৰ পিছত পলাতক হৈ আছিল । যোৱা সপ্তাহত ৬ ডিচেম্বৰত গোৱাৰ আৰ্পোৰাৰ বাৰ্চ বাই ৰোমিঅ’ নাইটক্লাবত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাত ২৫ জন লোকৰ কৰুণ মৃত্যুৰ লগতে বহু লোক আহত হয় । এই ঘটনাৰ পিছত ক্লাবটোৰ প্ৰতিষ্ঠাপক ভাতৃদ্বয় ফুকেটলৈ পলায়ন কৰে আৰু এই গোচৰৰ অভিযুক্ত হিচাপে তেওঁলোকৰ নাম উল্লেখ কৰা হৈছে ।

ইতিমধ্যে এই ঘটনাৰ ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডৰ মূল অভিযুক্ত গৌৰৱ আৰু সৌৰভ লুথ্ৰাৰ পাছপ’ৰ্ট স্থগিত ৰাখিছে । ফুকেটৰ পৰা আগলৈ যাব নোৱাৰাকৈয়ে এই নিলম্বন কৰা হৈছিল । বিষয়াসকলে কয় যে এই পদক্ষেপ এক বৃহৎ অগ্ৰগতি আৰু ইণ্টাৰপ’ল আৰু কূটনৈতিক মাধ্যমেৰে তেওঁলোকক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাত সহায় কৰিব পাৰে । অৱশ্যে তেওঁলোকক আটক কৰাটো এতিয়া এক উল্লেখযোগ্য পদক্ষেপ ।

এই ঘটনাৰ পিছতে লুথ্ৰা ভাতৃদ্বয়ে আদালতত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন দাখিল কৰে । বুধবাৰে আদালতে এই গোচৰত লুথ্ৰা ভাতৃদ্বয়ক অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে আৰু তেওঁলোকৰ আবেদনৰ শুনানি বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : পুনৰ বিমান দুৰ্ঘটনা… বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে সংঘৰ্ষ

শেহতীয়া প্ৰৱন্ধসমূহ