থাইলেণ্ডত গ্ৰেপ্তাৰ পলাতক লুথ্ৰা ভাতৃদ্বয়ক, গোৱা আৰক্ষীৰ দল ৰাওনা
গোৱাত এটা নাইট ক্লাবত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ অভিযুক্ত লুথ্ৰা ভাতৃদ্বয়ক থাইলেণ্ডত আটক কৰা হৈছে । এই ভাতৃদ্বয়ক ভাৰতলৈ আনিবলৈ থাইলেণ্ড ৰাওনা হৈছে গোৱা আৰক্ষীৰ এটা দল ।
ভাৰতৰ অনুৰোধত থাইলেণ্ড আৰক্ষীয়ে লুথ্ৰা ভাতৃদ্বয়ক ফুকেটত আটক কৰিছে । শেহতীয়াকৈ গোৱাত নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত ২৫ জন লোকে প্ৰাণ হেৰুৱাইছিল । এই নাইট ক্লাবটোৰ প্ৰতিষ্ঠাপক লুথ্ৰা ভাতৃদ্ব এই ঘটনাৰ পিছত পলাতক হৈ আছিল । যোৱা সপ্তাহত ৬ ডিচেম্বৰত গোৱাৰ আৰ্পোৰাৰ বাৰ্চ বাই ৰোমিঅ’ নাইটক্লাবত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাত ২৫ জন লোকৰ কৰুণ মৃত্যুৰ লগতে বহু লোক আহত হয় । এই ঘটনাৰ পিছত ক্লাবটোৰ প্ৰতিষ্ঠাপক ভাতৃদ্বয় ফুকেটলৈ পলায়ন কৰে আৰু এই গোচৰৰ অভিযুক্ত হিচাপে তেওঁলোকৰ নাম উল্লেখ কৰা হৈছে ।
ইতিমধ্যে এই ঘটনাৰ ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডৰ মূল অভিযুক্ত গৌৰৱ আৰু সৌৰভ লুথ্ৰাৰ পাছপ’ৰ্ট স্থগিত ৰাখিছে । ফুকেটৰ পৰা আগলৈ যাব নোৱাৰাকৈয়ে এই নিলম্বন কৰা হৈছিল । বিষয়াসকলে কয় যে এই পদক্ষেপ এক বৃহৎ অগ্ৰগতি আৰু ইণ্টাৰপ’ল আৰু কূটনৈতিক মাধ্যমেৰে তেওঁলোকক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাত সহায় কৰিব পাৰে । অৱশ্যে তেওঁলোকক আটক কৰাটো এতিয়া এক উল্লেখযোগ্য পদক্ষেপ ।
এই ঘটনাৰ পিছতে লুথ্ৰা ভাতৃদ্বয়ে আদালতত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন দাখিল কৰে । বুধবাৰে আদালতে এই গোচৰত লুথ্ৰা ভাতৃদ্বয়ক অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে আৰু তেওঁলোকৰ আবেদনৰ শুনানি বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক : পুনৰ বিমান দুৰ্ঘটনা… বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে সংঘৰ্ষ