আই চি চিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তালিকাত ৰোহিত-কোহলীৰ লগতে কেইবাজনো ভাৰতীয় ক্ৰিকেটাৰে আধিপত্য বজাই ৰাখিছে ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে শেহতীয়া ৰেংকিং বুধবাৰে প্ৰকাশ কৰিছে । ৩৮ বছৰীয়া ৰোহিত শৰ্মা আৰু ৩৭ বছৰীয়া বিৰাট কোহলীয়ে আই চি চিৰ এই ৰেংকিঙত নিজৰ আধিপত্য বিস্তাৰ কৰিছে । দুয়োগৰাকী মহান ক্ৰিকেটাৰে ক্ৰমে আই চি চিৰ এদিনীয়া ৰেংকিঙত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে । প্ৰথম দুখন এছেছ টেষ্টত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰি টেষ্ট ক্ৰিকেটৰ তৃতীয় স্থানৰ বলাৰ হিচাপে পৰিগণিত হৈছে মিচেল ষ্টাৰ্ক । ইফালে টেষ্টৰ বলিঙক প্ৰথম স্থান দখল কৰিছে যশপ্ৰীত বুমৰাহে ।
২০২১ চনৰ এপ্ৰিলৰ পিছৰ পৰা আই চি চিৰ এদিনীয়া ৰেংক বিৰাট কোহলীৰ দখলত নাছিল, তেওঁৰ এই স্থান পাকিস্তানৰ বাবৰ আজমে লৈছিল । অৱশ্যে শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত কোহলীৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত এতিয়া পুনৰ শীৰ্ষস্থানৰ ওচৰ চাপিছে ।
৩৭ বছৰীয়া কোহলীয়ে তিনিখন মেচত মুঠ ৩০২ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে । তেওঁৰ এই আকৰ্ষণীয় প্ৰদৰ্শনৰ প্ৰতিফলন ঘটিছে আই চি চিৰ শেহতীয়া ৰেংকিঙতো, য’ত তেওঁ মাত্ৰ ৰোহিত শৰ্মাৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে ।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৪৬ ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মাই আই চি চিৰ এদিনীয়া ৰেংকিঙৰ প্ৰথম স্থানৰ বেটাৰৰ স্থান অক্ষুণ্ণ ৰাখিছে । বিশাখাপট্টনমৰ অন্তিমখন খেলত অপৰাজিত ৬৫ ৰান সংগ্ৰহ কৰা কোহলিয়ে ৰোহিতৰ পৰা মাত্ৰ ৮ ৰেটিং পইণ্ট পিছ পৰি ৰৈছে ।
ইয়াৰ পিছত ভাৰতে ১১ জানুৱাৰীৰ পৰা নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা তিনিখন মেচৰ শৃংখলা খেলিব । এই সময়ছোৱাত সকলোৰে দৃষ্টি ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত থাকিব, কিয়নো এদিনীয়া বেটছমেনৰ মাজত ১ নং ৰেংকিঙৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে ।
কেৱল কোহলীয়েই নহয়, এই সপ্তাহত প্ৰকাশ পোৱা নতুন ৰেংকিঙত আন কেইবাগৰাকীও ভাৰতীয় খেলুৱৈয়েও উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে দুটা স্থান আগুৱাই ১২ নম্বৰ স্থান লাভ কৰিছে । ইফালে বাওঁহাতৰ স্পীনাৰ কুলদীপ যাদৱে বলাৰৰ ৰেংকিঙত যথেষ্ট উন্নতি সাধন কৰি তিনিটা স্থান আগুৱাই ৩ নম্বৰ স্থান দখল কৰিছে ।
কটক টি-২০ৰ পিছত সলনি হ’ল টি-২০ ৰেংকিং-
কটকত ভাৰতে ১০১ ৰানত জয় লাভ কৰাৰ পিছত তিনিজন ভাৰতীয় খেলুৱৈয়ে নতুন টি-২০ বলাৰৰ ৰেংকিঙত লাভৱান হৈছে । অক্ষৰ পেটেল দুটা স্থান আগুৱাই ১৩ নম্বৰ, অৰ্শদীপ সিঙে তিনিটা স্থান আগুৱাই ২০ নম্বৰ আৰু যশপ্ৰীত বুমৰাহ ৬ টা স্থান আগুৱাই ২৫ নম্বৰ স্থান লাভ কৰিছে ।
টেষ্ট ৰেংকিং-
টেষ্ট বলাৰৰ ৰেংকিঙত অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এছেছ টেষ্টত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰাৰ পিছত ষ্টাৰ্কে তিনিটা স্থান আগুৱাই তিনি নম্বৰ স্থান দখল কৰিছে । ইংলেণ্ডৰ বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনে টেষ্ট ৰেংকিঙতো প্ৰভাৱ পেলাইছে । হেৰী ব্ৰুক দুটা স্থান পিছলি চাৰি নম্বৰ স্থান লাভ কৰিছে । ইফালে কেন উইলিয়ামছন আৰু ষ্টিভ স্মিথে এটাকৈ স্থান আগুৱাই এতিয়া শীৰ্ষ ৰেংকিঙৰ জো ৰুটৰ পিছতে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ।
আই চি চি ৰেংকিঙত প্ৰথম স্থান কোন ভাৰতীয় ?
টি-২০ বেটিং ৰেংকিঙৰ শীৰ্ষত আছে অভিষেক শৰ্মা (৯১৩) । টি-২০ বলিং ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে বৰুণ চক্ৰৱৰ্তীয়ে (৭৮২) । টেষ্ট অলৰাউণ্ডাৰ ৰেংকিঙত শাসন চলাই আছে ৰবীন্দ্ৰ জাডেজাই । তেওঁ ৪৫৫ পইণ্টেৰে আগবাঢ়ি আছে ।
লগতে পঢ়ক : তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে









