ৰাজপথত চাৰিচকীয়া বাহনৰ সৈতে বিমানৰ সংঘৰ্ষ, ভাইৰেল দুৰ্ঘটনাৰ ভয়াৱহ ভিডিঅ’

ৰাজপথত চাৰিচকীয়া বাহনৰ সৈতে বিমানৰ সংঘৰ্ষ, ভাইৰেল দুৰ্ঘটনাৰ ভয়াৱহ ভিডিঅ’

ঘাইপথত জৰুৰীকালীন অৱতৰণ কৰাৰ সময়তে এখন বিমানে চাৰিচকীয়া বাহনত খুন্দা মাৰে । কাৰিকৰী সমস্যাৰ সন্মুখীন হৈ পাইলটজনে ঘাইপথত অৱতৰণ কৰিবলৈ বাধ্য হয় । সোমবাৰে সন্ধিয়া আমেৰিকাৰ ফ্ল’ৰিডাৰ মেৰিট দ্বীপৰ সমীপৰ ব্যস্ত আই-৯৫ ঘাইপথত জৰুৰীকালীন অৱতৰণ কৰি থকা অৱস্থাত এখন সৰু বিমানে চাৰিচকীয়া বাহনত খুন্দা মাৰে

ঘাইপথত জৰুৰীকালীন অৱতৰণ কৰাৰ সময়তে এখন বিমানে চাৰিচকীয়া বাহনত খুন্দা মাৰে । কাৰিকৰী সমস্যাৰ সন্মুখীন হৈ পাইলটজনে ঘাইপথত অৱতৰণ কৰিবলৈ বাধ্য হয় ।

সোমবাৰে সন্ধিয়া আমেৰিকাৰ ফ্ল’ৰিডাৰ মেৰিট দ্বীপৰ সমীপৰ ব্যস্ত আই-৯৫ ঘাইপথত জৰুৰীকালীন অৱতৰণ কৰি থকা অৱস্থাত এখন সৰু বিমানে চাৰিচকীয়া বাহনত খুন্দা মাৰে । কাৰিকৰী সমস্যাৰ সন্মুখীন হৈ পাইলটজনে ঘাইপথত অৱতৰণ কৰিবলৈ বাধ্য হয় যদিও ট্ৰেফিকৰ মাজতে অৱতৰণ কৰাৰ সময়তে বিমানখনে এখন চাৰিচকীয়া বাহনত খুন্দা মাৰে ।

বিমানখন আছিল বিচক্ৰাফ্ট ৫৫ মডেল, য’ত আছিল ২৭ বছৰীয়া পাইলট আৰু তেওঁৰ সতীৰ্থ । দুয়োগৰাকীৰ কোনোৱেই আহত হোৱা নাই । ফ্ল’ৰিডা হাইৱে পেট্ৰ’লৰ মতে, বিমানখনৰ হঠাতে দুয়োটা ইঞ্জিনৰ শক্তি হেৰুৱাই পেলোৱাৰ ফলত পাইলটে জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয় ।

ইফালে চাৰিচকীয়া বাহনখন চলাই থকা ৫৭ বছৰীয়া মহিলাগৰাকী সামান্য আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ৫:৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । এই সংঘৰ্ষৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয় ।

দুৰ্ঘটনাটোৰ ফলত ২০১ মাইল মাৰ্কাৰৰ সমীপত আই-৯৫ৰ দক্ষিণমুখী লেন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । উদ্ধাৰ আৰু সাহায্যকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । কেইবাঘণ্টা ধৰি ঘাইপথটো বন্ধ হৈ থাকে আৰু পুৱা প্ৰায় ৯ বজাত পুনৰ মুকলি হয় ।

লগতে পঢ়ক : ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান