আৰাধ্যা বচ্চনৰ নামত ভুৱা একাউণ্ট… মাতৃ ঐশ্বৰ্যই স্পষ্ট কৰি জনালে আহ্বান

আৰাধ্যা বচ্চনৰ নামত ভুৱা একাউণ্ট… মাতৃ ঐশ্বৰ্যই স্পষ্ট কৰি জনালে আহ্বান

কন্যা আৰাধ্যা বচ্চনৰ নামত ভুৱা একাউণ্টৰ বিষয়ে স্পষ্ট কৰিলে মাতৃ ঐশ্বৰ্য ৰায় বচ্চনে । লগতে সামাজিক মাধ্যমতকৈ চৌপাশৰ মানুহৰ সৈতে সংযোগ স্থান কৰাটো বেছি গুৰুত্বপূৰ্ণ বুলিও কয় তেওঁ । শেহতীয়াকৈ ৰেড ছি চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য ৰায় বচ্চনে নিজৰ কেৰিয়াৰ, যাত্ৰা আৰু অন্যান্য বিভিন্ন বিষয়ৰ বিষয়ে

কন্যা আৰাধ্যা বচ্চনৰ নামত ভুৱা একাউণ্টৰ বিষয়ে স্পষ্ট কৰিলে মাতৃ ঐশ্বৰ্য ৰায় বচ্চনে । লগতে সামাজিক মাধ্যমতকৈ চৌপাশৰ মানুহৰ সৈতে সংযোগ স্থান কৰাটো বেছি গুৰুত্বপূৰ্ণ বুলিও কয় তেওঁ ।

শেহতীয়াকৈ ৰেড ছি চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য ৰায় বচ্চনে নিজৰ কেৰিয়াৰ, যাত্ৰা আৰু অন্যান্য বিভিন্ন বিষয়ৰ বিষয়ে স্পষ্টভাৱে কয় । কথা-বতৰাৰ সময়ত তেওঁ এই কথাও স্পষ্ট কৰি দিয়ে যে তেওঁৰ কন্যা আৰাধ্যা বচ্চন ছ’চিয়েল মিডিয়াত নাই । তেওঁ উল্লেখ কৰে যে আৰাধ্যাৰ নামত অনলাইনত যিকোনো পেজ তেওঁৰ পৰিয়ালৰ দ্বাৰা সৃষ্টি বা পৰিচালিত নহয় ।

ছচিয়েল মিডিয়াত নাই আৰাধ্যা-

ঐশ্বৰ্য ৰায় বচ্চনে অনুৰাগীক ধন্যবাদ জনায়, কিন্তু স্পষ্ট কৰি দিয়ে যে এই একাউণ্টৰ কোনোটোৱেই তেওঁৰ কন্যাৰ নহয় । ২০০৭ চনত ঐশ্বৰ্য আৰু অভিষেক বচ্চনৰ বিবাহ সম্পন্ন হৈছিল আৰু ২০১১ চনত তেওঁলোকৰ কন্যা আৰাধ্যা বচ্চনৰ জন্ম হয় ।

ঐশ্বৰ্যই কয়, “কেতিয়াবা মানুহে ধৰি লয় যে বাহিৰত যিবোৰ বস্তু দেখি থাকে সেইবোৰ আৰাধ্যাৰ, কিন্তু সেয়া সঁচা নহয় । সেই একাউণ্টটো নিশ্চয় এজন অনুৰাগীয়েই সৃষ্টি কৰিছিল । হয়তো তেওঁলোকে আৰাধ্যা, আমাৰ পৰিয়ালৰ প্ৰতি আৰু মোৰ প্ৰতি থকা ভালপোৱাৰ বাবেই তেনে কৰিছিল । তাৰ বাবে ধন্যবাদ, কিন্তু সেই একাউণ্টটো আৰাধ্যা বচ্চনৰ নহয় । আৰাধ্যা ছ’চিয়েল মিডিয়াত নাই ।”

নিজেও ইণ্টাৰনেটৰ পৰা আঁতৰি থাকে ঐশ্বৰ্য-

ঐশ্বৰ্য ৰায় বচ্চনে নিজৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ বিষয়েও ব্যাখ্যা কৰি কয় যে তেওঁ এই প্লেটফৰ্মসমূহ বেছিভাগেই পেছাদাৰী কাম, ব্ৰেণ্ড এংগেজমেণ্ট আৰু সহযোগিতাৰ বাবে ব্যৱহাৰ কৰে । লগতে ডিজিটেল জগতখন আজি ক্ৰমান্বয়ে প্ৰভাৱশালী হৈ উঠিছে বুলি তেওঁ স্বীকাৰ কৰে ।

ঐশ্বৰ্যই কয়, “ছ’চিয়েল মিডিয়া আজিৰ জীৱনৰ এটা অংশ । মানুহে ইয়াক ব্যৱহাৰ কৰি নিজৰ কাম, পেছাদাৰী আপডেট আৰু কেৰিয়াৰৰ সুযোগ শ্বেয়াৰ কৰে । ইয়াৰ বহু ইতিবাচক দিশ আছে, কিন্তু একে সময়তে, সকলোৱে নিজৰ ফোনত হেৰাই যায় । এয়াই আমাৰ বাস্তৱ ।”

মোৰ পোষ্টবোৰ নাচাব, মানুহৰ লগত কথা পাতিব- ঐশ্বৰ্য

অভিনেত্ৰীগৰাকীয়ে কয় যে অহৰহ ছ’চিয়েল মিডিয়াৰ সৈতে সংস্পৰ্শলৈ আহিলে ব্যক্তিৰ আৱেগ আৰু বাস্তৱ জীৱনত প্ৰভাৱ পৰে । অনলাইন জগতৰ কোলাহলৰ পৰা সংযোগ বিচ্ছিন্ন হৈ নিজৰ সৈতে সংযোগ স্থাপন কৰাটো গুৰুত্বপূৰ্ণ বুলি মোহময়ী অভিনেত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে ।

ঐশ্বৰ্যই কয়, “কোলাহল বন্ধ কৰাটো গুৰুত্বপূৰ্ণ । এইটো বুজাটো গুৰুত্বপূৰ্ণ যে ছ’চিয়েল মিডিয়া আপোনাৰ জীৱনৰ প্ৰকৃত ভেটি নহয় । যদি আপুনি ইয়াত নিজকে হেৰাই যোৱা দেখা পায়, তেন্তে বিৰতি লওক, ডিটক্স কৰক আৰু আপোনাৰ বাস্তৱ জগতলৈ উভতি যাওক । গ্ৰাউণ্ডত থকাটো অতি গুৰুত্বপূৰ্ণ । আপোনাৰ চৌপাশৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰক, আপোনাৰ সন্মুখত বহি থকা ব্যক্তিজনৰ সৈতে কথা পাতক । আপোনাৰ ফোনটো বন্ধ কৰি আনজনৰ সৈতে সংযোগ বিচ্ছিন্ন কৰাটো ভুল ।”

লগতে পঢ়ক : শীঘ্ৰেই ৰূপালী পৰ্দালৈ উভতিব থ্ৰী ইডিয়টছ! ১৫ বছৰৰ পাছত পুনৰ দেখা যাব ৰেঞ্চো-ৰাজু-ফাৰহানৰ যুটী !

শেহতীয়া প্ৰৱন্ধসমূহ