বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলক লক্ষ্য সমালোচনাৰে থকা-সৰকা মুখ্যমন্ত্ৰীৰ । কংগ্ৰেছ দলৰ নৈতিক স্খলন ঘটিছে বুলি উল্লেখ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।
“কংগ্ৰেছৰ সকলো নেতাৰে মানসিকতাৰ তীব্ৰ স্খলন ঘটিছে…“ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৰা এটা বিশেষ মন্তব্যক লৈ আজি কংগ্ৰেছ দলটোক এইদৰে সমালোচনাৰে থকা-সৰকা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে অনুষ্ঠিত হোৱা এক চৰকাৰী অনুষ্ঠানত অংগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নত কংগ্ৰেছক দলক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ নৈতিক স্খলন ঘটিছে বুলি উল্লেখ কৰে । কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত পৰাস্ত হোৱাৰ উমান পাইছে আৰু সেয়ে সামাজিক মাধ্যমত তেওঁলোকৰ অভদ্ৰামি বৃদ্ধি পাইছে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
কংগ্ৰেছ দলৰ নৈতিক স্খলন ঘটিছেঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়,”কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন ঘটিছে । তেওঁলোকে নিৰ্বাচনত পৰাস্ত হ’ব বুলি জানে । সেয়েহে সামাজিক মাধ্যমত তেওঁলোকৰ অভদ্ৰামি চূড়ান্ত পৰ্যায় পাইছেগৈ ।“
ক্ষমা খুজিব লাগে দেৱব্ৰত শইকীয়াঃ মুখ্যমন্ত্ৰী
ইফালে বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ চূড়ান্ত স্খলন হৈছে বুলি সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“যদি হিতেশ্বৰ শইকীয়াৰ ল’ৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰিব পাৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে । আশা কৰো দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু ভৱিষ্যতে যাতে এনেকুৱা কথা নকয় তাৰ বাবে প্ৰচেষ্টা কৰিব ।“
আমি ৰজা বাকীসকল প্ৰজা সেই চিন্তা এৰিব লাগেঃ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে, “মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই । আমি ৰজা বাকীসকল প্ৰজা সেই চিন্তা এৰিব লাগে । গৌৰৱ গগৈ, দেৱব্ৰত গগৈ দুয়োজনৰ মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজা সোণৰ চামুচ লৈ জন্মিছো । গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব এই চিন্তাধাৰাৰ পৰা ওলাই আহিব লাগে ।“
লগতে পঢ়ক : ‘প’ষ্ট মেলনৰ পিছতে অসমলৈ ছাকিৰাক অনাৰ চিন্তা কৰা হৈছে’; মুখ্যমন্ত্ৰী









