টি-২০ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে বিপৰ্যয়ৰ সন্মুখীন টিম ইণ্ডিয়া, আই চি চিয়ে বিহিলে জৰিমনা

টি-২০ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে বিপৰ্যয়ৰ সন্মুখীন টিম ইণ্ডিয়া, আই চি চিয়ে বিহিলে জৰিমনা

টি-২০ শৃংখলাৰ পূৰ্বে বিপদৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া । আই চি চিয়ে ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াৰ সময়ত ভাৰতীয় দলে কৰা ভুলৰ বাবে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা । ৰায়পুৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াৰ সময়ত লেহেমীয়া অভাৰ ৰেটৰ বাবে আই চি চিয়ে টিম

টি-২০ শৃংখলাৰ পূৰ্বে বিপদৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া । আই চি চিয়ে ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াৰ সময়ত ভাৰতীয় দলে কৰা ভুলৰ বাবে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা ।

ৰায়পুৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াৰ সময়ত লেহেমীয়া অভাৰ ৰেটৰ বাবে আই চি চিয়ে টিম ইণ্ডিয়াক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহিছে । পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ হোৱাৰ মাত্ৰ এদিন পূৰ্বে আই চি চিয়ে এই কথা ঘোষণা কৰে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এক বিবৃতিত কয় যে ভাৰতৰ বিৰুদ্ধে আই চি চিৰ খেলুৱৈ আৰু খেলুৱৈ সহায়ক কৰ্মীৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে, যিটো নূন্যতম অভাৰ ৰেট অপৰাধৰ সৈতে জড়িত ।

আই চি চিয়ে জনোৱা মতে, সময় ভাট্টা লক্ষ্য কৰিও কে এল ৰাহুলৰ দলে লক্ষ্যৰ পৰা দুটা অভাৰ কম হোৱাৰ পিছত এমিৰেটছ আই চি চি এলিট পেনেলৰ মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে এই অনুমোদন জাৰি কৰে ।

ভুল স্বীকাৰ কে এল ৰাহুলৰ-

যদিহে অনুমোদিত হয় তেন্তে তেওঁলোকৰ দলে নিৰ্ধাৰিত সময়ত বলিং কৰিব নোৱাৰা প্ৰতিটো অভাৰৰ বাবে খেলুৱৈসকলক তেওঁলোকৰ মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহা হয় । ষ্টেণ্ড ইন কেপ্তেইন হিচাপে কে এল ৰাহুলে অভিযোগ স্বীকাৰ কৰি অনুমোদন গ্ৰহণ কৰে, গতিকে কোনো আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাছিল ।

ৰায়পুৰত পৰাস্ত টিম ইণ্ডিয়া-

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাৰতে ২-১ ব্যৱধানত জয়লাভ কৰিছিল যদিও যিখন খেলৰ বাবে টীম ইণ্ডিয়া জৰিমণাৰ সন্মুখীন হয় সেইখন খেলত জয়ী হৈছিল আলহী দলটো । ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলী (১০২) আৰু ৰুতুৰাজ গাইকোৱাদৰ (১০৫) শতকৰ সহায়ত টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি মুঠ ৩৫৮ ৰান সংগ্ৰহ কৰাত সহায় কৰিছিল ।

অৱশ্যে ষ্টেডিয়ামত নিয়ৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি দ্বিতীয় ইনিংছত বেটিং সহজ কৰি তুলিছিল । লক্ষ্য অনুসৰণ কৰি এইডেন মাৰ্ক্ৰামে ১১০ ৰানৰ এক উজ্জ্বল ইনিংছ খেলে । এই মেচখনত জয়লাভ কৰি আলহী দলটোৱে শৃংখলা সমতা স্থাপন কৰে যদিও নিৰ্ণায়ক এদিনীয়া খেলখনত ভাৰতে ৯ উইকেটত জয়লাভ কৰি শৃংখলাটো জয় কৰে ।

মঙলবাৰে ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০

টেষ্ট আৰু এদিনীয়া শৃংখলাৰ পাছত এতিয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাই টি-২০ শৃংখলা খেলিব । পাঁচখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৯ ডিচেম্বৰ, মঙলবাৰে কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ।

লগতে পঢ়ক : নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব

শেহতীয়া প্ৰৱন্ধসমূহ