পাকিস্তানৰ মিথ্যাচাৰ উদঙালে ভাৰতে; শ্ৰীলংকাত সাহাৰ্য অভিযানক লৈ কৰিছিল অপপ্ৰচাৰ

পাকিস্তানৰ মিথ্যাচাৰ উদঙালে ভাৰতে; শ্ৰীলংকাত সাহাৰ্য অভিযানক লৈ কৰিছিল অপপ্ৰচাৰ

প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত শ্ৰীলংকাত ভাৰতে সাহাৰ্য প্ৰেৰণ কৰাক লৈ পাকিস্তানে চলোৱা মিথ্যাচাৰ উদঙালে ভাৰতে শ্ৰীলংকালৈ সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বিমানৰ উৰণ অনুমতিত পলম হোৱা সম্পৰ্কে পাকিস্তানৰ কৰা অভিযোগক মঙলবাৰে ভাৰতে নাকচ কৰে । এই প্ৰত্যুত্তৰত ভাৰতে তৎকালীন আৰু স্বচ্ছভাৱে কাম কৰা বুলি স্পষ্ট কৰি দিয়ে

প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত শ্ৰীলংকাত ভাৰতে সাহাৰ্য প্ৰেৰণ কৰাক লৈ পাকিস্তানে চলোৱা মিথ্যাচাৰ উদঙালে ভাৰতে

শ্ৰীলংকালৈ সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বিমানৰ উৰণ অনুমতিত পলম হোৱা সম্পৰ্কে পাকিস্তানৰ কৰা অভিযোগক মঙলবাৰে ভাৰতে নাকচ কৰে । এই প্ৰত্যুত্তৰত ভাৰতে তৎকালীন আৰু স্বচ্ছভাৱে কাম কৰা বুলি স্পষ্ট কৰি দিয়ে । পাকিস্তানে অভিযোগ কৰিছিল যে ভাৰতে শ্ৰীলংকালৈ মানৱীয় সাহায্য প্ৰেৰণৰ বাবে নিজৰ আকাশমাৰ্গৰ ওপৰেৰে বিমান উৰণৰ অনুমতি দিয়া নাছিল ।

পাকিস্তানৰ দাবীক হাস্যকৰ অভিহিত ভাৰতৰ-

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পাকিস্তানৰ এই বক্তব্যৰ লক্ষ্য হৈছে জনসাধাৰণক বিপথে পৰিচালিত কৰা আৰু ভাৰতৰ কাৰ্যক ভুলকৈ উপস্থাপন কৰা । তেওঁ কয়, ‘পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে দিয়া হাস্যকৰ বক্তব্য আমি নাকচ কৰিছো, যিটো ভাৰত বিৰোধী অপপ্ৰচাৰৰ আন এক প্ৰয়াস ।‘

আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি দিছিল-

তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতে ইতিমধ্যে কূটনৈতিক মাধ্যমেৰে পাকিস্তানৰ অনুৰোধ লাভ কৰিছে আৰু কেইঘণ্টামানৰ ভিতৰতে উত্তৰ দিয়া হৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, পাকিস্তানৰ আনুষ্ঠানিক অনুৰোধ ইছলামবাদত ভাৰতীয় উচ্চায়ুক্তই ১ ডিচেম্বৰৰ প্ৰায় ১ বজাত লাভ কৰে । চৰকাৰে ইয়াক মানৱীয় জৰুৰীকালীন অৱস্থা হিচাপে মানি একেদিনাই ৫:৩০ অনুমতি দিছিল ।

ৰণধীৰ জয়ছোৱালে কয়, “প্ৰাকৃতিক দুৰ্যোগ আৰু সাহায্যৰ সময়ত ভাৰত শ্ৰীলংকাৰ সৈতে থিয় দিয়ে । এই প্ৰত্যাহ্বানমূলক সময়ত ভাৰতে শ্ৰীলংকাৰ জনসাধাৰণক উপলব্ধ সকলো উপায়েৰে সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।” উল্লেখ্য যে, ভাৰতে লগে লগেই নিজৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি দিয়াৰ পিছতো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি থাকে ।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত কয় যে, “পাকিস্তানে ভাৰতৰ পৰা শ্ৰীলংকালৈ মানৱীয় সাহায্য প্ৰদান কৰাত অহৰহ বাধা দি আছে । ইয়াৰ উপৰিও অভিযোগ কৰিছে যে ইয়াৰ এখন বিমানে আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ ৬০ ঘণ্টা ধৰি অপেক্ষা কৰি আছে ।”

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহাৰ বিধ্বংসী ৰূপ; সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শেহতীয়া প্ৰৱন্ধসমূহ