শীতৰ সময়ত কেনেকৈ ল’ব চুলিৰ যতন? ঘৰতে কৰক এই কাম

শীতৰ সময়ত কেনেকৈ ল’ব চুলিৰ যতন? ঘৰতে কৰক এই কাম

শীতৰ সময়ত কেনেকৈ ল’ব চুলিৰ যতন? শীতৰ এই সময়ছোৱাত আমাৰ ছাল-চুলি আদিৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে ৷ শীতৰ এই সময়ছোৱাত জলবায়ুত আদ্ৰতাৰ কম থকাৰ বাবে চুলিকোছা শুকান, অনুজ্বল হোৱাৰ লগতেই বহুতৰে চুলিসৰা সমস্যাও হোৱা দেখা যায় ৷ এই ঋতুত প্ৰ’টিন, ভিটামিন আৰু মিনাৰেলযুক্ত আহাৰ

শীতৰ সময়ত কেনেকৈ ল’ব চুলিৰ যতন?

শীতৰ এই সময়ছোৱাত আমাৰ ছাল-চুলি আদিৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে ৷ শীতৰ এই সময়ছোৱাত জলবায়ুত আদ্ৰতাৰ কম থকাৰ বাবে চুলিকোছা শুকান, অনুজ্বল হোৱাৰ লগতেই বহুতৰে চুলিসৰা সমস্যাও হোৱা দেখা যায় ৷

এই ঋতুত প্ৰ’টিন, ভিটামিন আৰু মিনাৰেলযুক্ত আহাৰ খোৱাটো খুবেই আৱশ্যক । কেৱল শীতৰ সময়ছোৱাতে নহয় , সকলো সময়তে সুষম খাদ্যভ্যাসে আপোনাৰ চুলিকোছাৰ সঠিক যতন ল’ব আৰু আপোনাৰ চুলিকোছা প্ৰাণবন্ত কৰি তুলিব ।

বহু সময়ত এই সময়ছোৱাত নিয়মিত চেম্পু কৰাৰ অভাৱত, পৰিষ্কাৰ কৰি নৰখাৰ বাবে চুলিকোছাত উফি হয় আৰু চুলি সৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়৷ এই সময়ছোৱাত ঘৰুৱা পদ্ধতিৰে আপোনাৰ চুলিৰ যতন ল’ব পাৰে ৷

ইয়াৰ বাবে আপোনালোকক লাগিব মেথি গুটি ৷ মেথি গুটিত যিহেতু প্ৰ’টিন, পটেছিয়াম আৰু আইৰ থাকে ৷ এমুঠি মান মেথিগুটি ৰাতি পানীত তিয়াই থব ৷

পিছদিনা তিয়াই থোৱা সেই মেথি গুটিৰে এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব ৷ মিশ্ৰণটোত অকমান নাৰিকলৰ তেল মিহলাই লব ৷

তাৰ পিছত এই মিশ্ৰণটো ভালদৰে চুলিৰ গুৰিত লগাই, আঙুলিৰে ভালদৰে মালিচ কৰি দিব ৷ যদিহে চুলি সৰা সমস্যা আছে তেন্তে মালিচ নকৰিব ৷ এনেদৰে আধা ঘণ্টা ৰখাৰ পাছত ভালদৰে পানীৰে ধুই দিব ৷

এনেদৰে প্ৰতি সপ্তাহত এবাৰকৈও যদি কৰে তেন্তে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হ’ব ৷ লগতে চুলিৰ উফিৰ সমস্যা দূৰ হোৱাৰ লগতে চুলিকোছা উজ্জ্বল হ’ব ৷

চুলিৰ স্বাভাৱিক বৃদ্ধি ধৰি ৰাখিবলৈ প্ৰ’টিনযুক্ত খাদ্য খুবেই আৱশ্যক। কাৰণ চুলিৰ শ্ৰীবৃদ্ধি প্ৰ’টিনৰ ওপৰতেই নিৰ্ভৰ কৰে ।

যিহেতু প্ৰ’টিনৰ অভাৱত চুলি সৰা , ৰুক্ষ হোৱা আদি অনেক সমস্যাই দেখা দিব পাৰে । গতিকে এই সময়ছোৱাত কণী, গাখীৰ,মাছ, মাংস প্ৰচুৰ পৰিমাণে খাব লাগে । এই খাদ্যসম্ভাৰতে এই সকলো পুষ্টি পোৱা যায় ।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক; কমলা টেঙা আপোনাৰো প্ৰিয় নেকি? আছে বহু উপকাৰীতা…