ভয়ংকৰ দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ; পাঁজনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ; পাঁজনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে । ৰাজ্যখনৰ তেহৰী জিলাৰ নৰেন্দ্ৰনগৰ কুঞ্জাপুৰী মন্দিৰৰ ওচৰত বাছখন দুৰ্ঘটনাত পতিত হয় । বাছখনত ২৯ জন যাত্ৰী আছিল, যিসকল গুজৰাটৰ পৰা কুঞ্জাপুৰী মন্দিৰ চাবলৈ আহিছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জিলা দণ্ডাধীশ

ভয়ংকৰ দুৰ্ঘটনা

উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে । ৰাজ্যখনৰ তেহৰী জিলাৰ নৰেন্দ্ৰনগৰ কুঞ্জাপুৰী মন্দিৰৰ ওচৰত বাছখন দুৰ্ঘটনাত পতিত হয় । বাছখনত ২৯ জন যাত্ৰী আছিল, যিসকল গুজৰাটৰ পৰা কুঞ্জাপুৰী মন্দিৰ চাবলৈ আহিছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় ।

নৰেন্দ্ৰনগৰ আৰক্ষী থানা এলেকাৰ কুঞ্জাপুৰী-হিন্দোলাখালৰ ওচৰৰ প্ৰায় ৭০ মিটাৰ দ খাৱৈত বাছখন পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । স্থানীয় লোকসকলেও ঘটনাৰ পিছতে উদ্ধাৰৰ কাম আৰম্ভ কৰে । আৰক্ষী-প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে । জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই কয় যে এই দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছে, য’ত চাৰিজন পুৰুষ আৰু এগৰাকী মহিলাও আছে । তিনিজন আহতক এইমছ ঋষিকেশ আৰু চাৰিজন আহতক শ্ৰীদেৱ সুমন উপ জিলা হাস্পতাল নৰেন্দ্ৰনগৰক ভৰ্তি কৰা হৈছে । ১৭ গৰাকী যাত্ৰীৰ আঘাত সামান্য ।

লগতে পঢ়ক : সলনি হ’ব পাৰে ভাৰত-পাকিস্তানৰ সীমান্তঃ ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ