মিছ ইউনিভাৰ্ছ ২০২৫ত উজ্বলিছে ভাৰতীয় সুন্দৰী
এইবাৰ থাইলেণ্ডত অনুষ্ঠিত হৈছে মিছ ইউনিভাৰ্ছ ২০২৫ । এই বছৰ ভাৰতক প্ৰতিনিধিত্ব কৰি মণিকা বিশ্বকৰ্মাই নিজৰ আত্মবিশ্বাস, শৈলী, চিন্তাধাৰাৰে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । ফেশ্বন সমালোচকে প্ৰতিটো লুকতে তেওঁক প্ৰশংসা কৰি থকাৰ সময়তে তেওঁ বুদ্ধিদীপ্ত কথা-বতৰাৰেও সকলোৰে হৃদয় জয় কৰিছে ।
মিছ ইউনিভাৰ্ছ ২০২৫ৰ প্ৰতিযোগী মণিকা বিশ্বকৰ্মাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু তেওঁৰ উত্তৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । আনকি মণিকাই নিজৰ উত্তৰেৰে প্ৰশ্নকাৰীক আপ্লুত কৰি তোলাও দেখা গৈছে ।
চৰ্চিত হৈ পৰিল মণিকাৰ উত্তৰ-
৫ নৱেম্বৰত ইনষ্টাগ্ৰাম পেজ দ্য পেজেণ্ট ভল্টে শ্বেয়াৰ কৰিছিল মণিকাৰ এই ভিডিঅ’টো । ভিডিঅ’টোত প্ৰশ্ন কৰোঁতাই তেওঁক সুধিছিল, “আপুনি ক’বনে যে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো প্ৰতিগৰাকী ছোৱালীৰ সপোন, কিন্তু মাত্ৰ এগৰাকী মহিলাৰ যাত্ৰা ?” এই প্ৰশ্ন শুনি মণিকাই প্ৰথমে সহমতি প্ৰকাশ কৰে কিন্তু ইয়াৰ পিছত তেওঁ যি ক’লে, সেই কথাই সকলোকে চিন্তা কৰিবলৈ বাধ্য কৰে ।
তেওঁ ক’লে, “মই সেইটো বিশ্বাস নকৰো । মই ইয়াত থিয় হৈ আছো কাৰণ মোৰ মায়ে পঢ়িছিল, তেওঁ মোক শিক্ষা দিছিল । মই ইয়াত আছো কাৰণ অডিচনৰ দিনটোত বহুটো ছোৱালীয়ে মোক অংশগ্ৰহণ কৰিব লাগে বুলি কৈছিল । মোৰ বন্ধুসকলে মোক সমৰ্থন কৰিছিল, গতিকে মই সেই সকলো মহিলাক লগত লৈ গৈ আছো । মই মোৰ লগত অজস্ৰ সপোন কঢ়িয়াই লৈ ফুৰিছো ।”
তেওঁ কয়-“এয়া কেৱল এগৰাকী নাৰীৰ সপোন বা যাত্ৰা নহয়, বৰঞ্চ মই লগত কঢ়িয়াই নিয়া কোটি কোটি সপোনৰ বোজা । মই মোৰ সম্প্ৰদায় আৰু সমগ্ৰ দেশৰ আশাক প্ৰতিনিধিত্ব কৰো । আমাৰ পৰা অনুপ্ৰাণিত হোৱা প্ৰতিখন দেশতে বহুতো নাৰী আৰু সৰু সৰু ছোৱালী আছে । তেওঁলোকে আমাৰ যাত্ৰা চাই আছে আৰু হয়তো আমাৰ পথ অনুসৰণ কৰিবলৈ সাহস গোটাইছে ।“
ইন্টাৰনেটত প্ৰশংসাৰে ওপচাইছে মণিকাক-
মণিকাৰ উত্তৰ শুনি প্ৰশ্ন শোধাজনেও “ৱাহ” বুলি কয় । ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মণিকাৰ এই ভিডিঅ’ আৰু সকলোৱে তেওঁৰ এই উত্তৰৰ প্ৰশংসা কৰিছে । একাংশই কৈছে, “তেওঁক কোনো প্ৰশ্ন নকৰিবা, তেওঁ উত্তৰ দি সকলোৰে মুখ বন্ধ কৰি দিব ।” বহুতে কৈছে যে ‘মণিকা বিউটি উইথ ব্ৰেইন’ আৰু নিশ্চিতভাৱে তেওঁ এই সন্মান লাভ কৰিব ।
লগতে পঢ়ক : অশ্লীল নৃত্য কৰি বিপদত অভিনেত্ৰী মালাইকা অৰোৰা…









