ৰায়পুৰ এদিনীয়াত ৪ উইকেটত জয়লাভ কৰি শৃংখলাত সমতা স্থাপন কৰিছে দক্ষিণ আফ্ৰিকাই । ভাৰতৰ নিয়ন্ত্ৰহীণ বলিং আৰু দুৰ্বল ফিল্ডিঙৰ বাবে মেচখন হেৰুৱাব লগা হয় ।
বুধবাৰে ৰায়পুৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাই ভাৰতক ৪ উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰে । ৰায়পুৰত অনুষ্ঠিত হোৱা মেচখনত ভাৰতে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰি ৩৫৮ ৰান সংগ্ৰহ কৰে । বিৰাট কোহলী আৰু ৰুতুৰাজ গাইকোৱাডৰ দুৰ্দান্ত শতকৰ সহায়ত ভাৰতে এই বিশাল স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইয়াৰ প্ৰত্যুত্তৰত চাৰিটা উইকেট বাকী থকা অৱস্থাত অন্তিম অভাৰলৈ নামি অহা মেচখনত দক্ষিণ আফ্ৰিকাই জয়লাভ কৰে ।
এই মেচত ৰুতুৰাজ গাইকোৱাডে নিজৰ এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে । ৰুতুৰাজে ৮৩ টা বলৰ সন্মুখীন হৈ ২ টা ছয় আৰু ১২ টা চাৰিৰ সহায়ত ১০৫ ৰান সংগ্ৰহ কৰে । ইফালে এই মেচতে এদিনীয়া কেৰিয়াৰৰ ৫৩ সংখ্যক শতক অৰ্জন কৰে তাৰকা বেটছমেন বিৰাট কোহলীয়ে । ৰাঁচী এদিনীয়াটো শতক অৰ্জন কৰা কোহলীয়ে দ্বিতীয়খন এদিনীয়াটো একেৰাহে শতক অৰ্জন কৰি অভিলেখ সৃষ্টি কৰে । কোহলীয়ে ৯৩ টা বলৰ সন্মুখীন হৈ ২ টা ছয় আৰু ৭ টা চাৰিৰ সহায়ত ১০২ ৰান সংগ্ৰহ কৰে ।
উল্লেখ্য যে, ভাৰতৰ মাটিত বিদেশী দলে অনুসৰণ কৰা এয়া সৰ্বাধিক এদিনীয়া স্ক’ৰ । ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ভাৰতত ৩৫৯ ৰানৰ অভিলেখ গঢ়িছিল । ২০১৯ চনত ভাৰতৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰিছিল দলটোৱে । এতিয়া দক্ষিণ আফ্ৰিকাইও ৩৫৯ ৰান সফলতাৰে অনুসৰণ কৰি অষ্ট্ৰেলিয়াৰ অভিলেখ স্পৰ্শ কৰিছে ।
এই মেচত ভাৰতৰ পৰাজয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণহীন বলিং আৰু দুৰ্বল ফিল্ডিঙে অৰিহণা যোগাইছিল । ভাৰতীয় খেলুৱৈয়ে কেচ ড্ৰপ কৰাৰ বিপৰীতে ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাডেজাই অসংখ্য মিছফিল্ড কৰে । টিম ইণ্ডিয়াৰ বেটিং ত্ৰুটিও উন্মোচিত হয় । ভাৰতীয় দলে সহজেই ৩৮০-৩৯০ স্ক’ৰত উপনীত হ’ব পাৰিলেহেঁতেন যদিও শেষৰ ১০ অভাৰত ভাৰতীয় বেটছমেনসকলে মাত্ৰ ৭৪ ৰানহে কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : সূৰ্য ব্ৰিগেডৰ পৰা বাহিৰ হ’ল ৰিংকু সিং, নীতিশ; দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে দল ঘোষণা









