‘অসমৰ ১২-১৩ খন জিলাৰ মালিক অবৈধ বাংলাদেশী; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

‘অসমৰ ১২-১৩ খন জিলাৰ মালিক অবৈধ বাংলাদেশী’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

‘অসমৰ ১২-১৩ খন জিলাৰ মালিক অবৈধ বাংলাদেশী’ অবৈধ বাংলেদেশীক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৱ শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘অসমত এতিয়া সংখ্যালঘু আগ্ৰাসী ৰূপত আছে। অসমৰ ১২-১৩ জিলাত এতিয়া অবৈধ বাংলাদেশীয়েই মালিক।বৰপেটা, দক্ষিণ শালমৰাত অসমীয়া হিন্দুৱে তেওঁলোকৰ ওচৰত আশ্ৰয় লব

‘অসমৰ ১২-১৩ খন জিলাৰ মালিক অবৈধ বাংলাদেশী’

অবৈধ বাংলেদেশীক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৱ শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘অসমত এতিয়া সংখ্যালঘু আগ্ৰাসী ৰূপত আছে।

অসমৰ ১২-১৩ জিলাত এতিয়া অবৈধ বাংলাদেশীয়েই মালিক।বৰপেটা, দক্ষিণ শালমৰাত অসমীয়া হিন্দুৱে তেওঁলোকৰ ওচৰত আশ্ৰয় লব লাগে।অসমৰ অৰ্থনীতিও এতিয়াও তেওঁলোকৰ হাতত।

অসমৰ বহু জিলাত সংখ্যালঘু এতিয়া সংখ্যাগুৰু হৈ পৰিছে।আগন্তুক ১০ বছৰত অসমে ভয়াৱহ প্ৰত্যাহ্বানমূলক সময়ৰ সৈতে মোকাবিলা কৰিব লাগিব। বৰ্তমান অসমৰ পৰিৱেশ এনেকুৱা’।

তেওঁ লগতে কয় যে, মহানগৰীৰ হাতীগাঁৱত একাংশ ৰৈ আছে। অসমত যদি বিজেপি চৰকাৰে নাহে তেনেহলে সেই সকল লোকে ঢাঁহি-মুহি নিব।

বিজেপি চৰকাৰ থকাৰ বাবেহে অসমীয়া লোকসকল সুৰক্ষিত হৈ আছে। নহ’লে সন্ধিয়া ৬ বজাৰ পিছত বজাৰত আমাৰ ওলোৱাটো কঠিন হ’ব।

লগতে পঢ়ক: দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন

শেহতীয়া প্ৰৱন্ধসমূহ