দল নিৰ্বাচনক লৈ মৌনতা ভংগ গৌতম গম্ভীৰৰ
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে খেলুৱৈ নিৰ্বাচন আৰু প্লেয়িং একাদশ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলৰ ড্ৰেছিং ৰুমত সম্পূৰ্ণ স্বচ্ছতা থকাৰ কথা কৈছে গৌতম গম্ভীৰে।
দলৰ সংমিশ্ৰণৰ সন্দৰ্ভত কঠোৰ সিদ্ধান্ত লোৱা আৰু মেচ বিজয়ীক এৰি দিয়াৰ বাবে গম্ভীৰ প্ৰায়ে সমালোচনাৰ সন্মুখীন হয়।
শেহতীয়াকৈ বিচিচিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ ইয়াক তেওঁৰ প্ৰশিক্ষক কেৰিয়াৰৰ আটাইতকৈ কঠিন অংশ বুলি অভিহিত কৰে।
গম্ভিৰে লগতে কয় যে এনে অনুষ্ঠানত খেলুৱৈসকলৰ সৈতে মুকলি যোগাযোগ বজাই ৰখাটো অতি প্ৰয়োজনীয়, কাৰণ যেতিয়া খেলুৱৈয়ে জানে যে তেওঁলোক প্লেইং একাদশত অন্তৰ্ভুক্ত হোৱাৰ যোগ্য,গতিকে তেওঁৰ নিৰাশ হোৱাটো স্বাভাৱিক।এনে বিষয়ত সততা আৰু স্পষ্টতা অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ জোৰ দিয়ে।
প্ৰশিক্ষক গৰাকীয়ে কয় যে,’এজন প্ৰশিক্ষক হিচাপে মোৰ বাবে এইটোৱেই হয়তো আটাইতকৈ কঠিন কাম।কেতিয়া মই গম পাও যে বেঞ্চত বহুত মানদণ্ড আছে আৰু প্ৰতিজন খেলুৱৈয়ে প্লেয়িং একাদশত থকাৰ যোগ্য,তথাপিও সেই দিনটোৰ বাবে সৰ্বোত্তম কম্বিনেচনৰ কথা চিন্তা কৰি মাত্ৰ ১১ জন খেলুৱৈ বাছনি কৰিব লাগিব। কিন্তু মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কথা-বতৰা আৰু সংলাপ।’
তেওঁ লগতে কয় যে, “যোগাযোগ একেবাৰে স্পষ্ট আৰু সৎ হ’ব লাগিব।কেতিয়াবা এইবোৰ অতি কঠিন কথা-বতৰা হয়।যেতিয়া আপুনি এজন খেলুৱৈক কয় যে তেওঁ খেলিব নোৱাৰিব।প্ৰশিক্ষক আৰু খেলুৱৈ উভয়ৰে বাবে এইটোৱেই আটাইতকৈ কঠিন মুহূৰ্ত।
লগতে পঢ়ক: আই পি এল ২০২৬ : কেতিয়া আৰু ক’ত হ’ব নিলাম ?









