হাৰ্দিক পাণ্ডিয়াক নকল কৰি বিপদত পাকিস্তানী ক্ৰিকেটাৰ...

হাৰ্দিক পাণ্ডিয়াক নকল কৰি বিপদত পাকিস্তানী ক্ৰিকেটাৰ…

হাৰ্দিক পাণ্ডিয়াক নকল কৰি ট্ৰলাৰৰ ৰোষত এইগৰাকী ক্ৰিকেটাৰ ভাৰতৰ তাৰকা তথা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক নকল কৰি এজন পাকিস্তানী ক্ৰিকেটাৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ এই কামৰ পিছতে সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হৈছে। দৰাচলতে পাকিস্তানে অভিলেখ ষষ্ঠবাৰৰ বাবে হংকং ছিক্সেসৰ খিতাপ দখল কৰিছে।দেওবাৰে অনুষ্ঠিত

হাৰ্দিক পাণ্ডিয়াক নকল কৰি ট্ৰলাৰৰ ৰোষত এইগৰাকী ক্ৰিকেটাৰ

ভাৰতৰ তাৰকা তথা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক নকল কৰি এজন পাকিস্তানী ক্ৰিকেটাৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ এই কামৰ পিছতে সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হৈছে।  

দৰাচলতে পাকিস্তানে অভিলেখ ষষ্ঠবাৰৰ বাবে হংকং ছিক্সেসৰ খিতাপ দখল কৰিছে।দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত কুৱেইটক ৪৩ ৰানত পৰাস্ত কৰি পাকিস্তানে এই খিতাপ দখল কৰে।

হংকং ছিক্সেসৰ সাধাৰণ খিতাপ দখল কৰাৰ পিছত পাকিস্তানি ক্ৰিকেটাৰ মহম্মদ শ্বাহজাদে হাৰ্দিকৰ আইকনিক উদযাপনৰ প’জ অনুকৰণ কৰে,ইয়াৰ পিছত তেওঁ ছচিয়েল মিডিয়াত অনুৰাগীৰ টাৰ্গেট হৈ পৰে।

উল্লেখ্য যে, ভাৰতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত হাৰ্দিকে খেলপথাৰত ট্ৰফীটো থৈ এক অনন্য ৰূপত উদযাপন কৰিছিল।

এতিয়া মহম্মদ শ্বাহজাদে এই সৰু খিতাপটো জয় কৰাৰ পিছত হাৰ্দিকৰ আইকনিক উদযাপন নকল কৰাটো ক্ৰিকেট অনুৰাগীসকলে ভাল পোৱা নাই।

বহুতে কৈছে যে, হাৰ্দিক পাণ্ডিয়াৰ কেৱল প’জটো হে নকল কৰিব পাৰিব,কিন্তু তেওঁৰ দৰে কেতিয়াও দুৰ্দান্ত প্ৰদৰ্শন কৰিব নোৱাৰে। এইটো অতি লজ্জাজনক কথা।

লগতে পঢ়ক: অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত… কেতিয়া হ’ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ?

শেহতীয়া প্ৰৱন্ধসমূহ