ইউক্ৰেইনৰ ওপৰত পুনৰ ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; চৌদিশে কেৱল ধ্বংসলীলা

ইউক্ৰেইনৰ ওপৰত পুনৰ ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; চৌদিশে কেৱল ধ্বংসলীলা

ইউক্ৰেইনৰ ওপৰত পুনৰ ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ বিগত তিনি বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে । শুকুৰবাৰে নিশা (৭ নৱেম্বৰ)ৰ পৰা শনিবাৰৰ পুৱালৈকে (৮ নৱেম্বৰ) ড্ৰোন আৰু মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই এক বৃহৎ আক্ৰমণ চলায় । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ এই আক্ৰমণত

ইউক্ৰেইনৰ ওপৰত পুনৰ ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

বিগত তিনি বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে । শুকুৰবাৰে নিশা (৭ নৱেম্বৰ)ৰ পৰা শনিবাৰৰ পুৱালৈকে (৮ নৱেম্বৰ) ড্ৰোন আৰু মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই এক বৃহৎ আক্ৰমণ চলায় । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ এই আক্ৰমণত দুটা পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰু ৰিভনেক শক্তি যোগান ধৰা উপকেন্দ্ৰক লক্ষ্য কৰি লোৱা হৈছিল ।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে, “এই আক্ৰমণ ভুলতে সংঘটিত হোৱা নাছিল । ৰাছিয়াই ইচ্ছাকৃতভাৱে ইউৰোপৰ পাৰমাণৱিক নিৰাপত্তা বিপন্ন কৰিছিল ।” এই আক্ৰমণত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় ।

এই আক্ৰমণৰ ফলত কিয়ভ, প’লটাভা আৰু খাৰ্কিভ অঞ্চলৰ শক্তিৰ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে । হাজাৰ হাজাৰ ঘৰৰ বিদ্যুৎ আৰু পানী যোগান বিচ্ছিন্ন হৈছে ।

ইফালে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী আন্দ্ৰেই ছিবিহাই আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ গৱৰ্ণৰ ব’ৰ্ডৰ জৰুৰী বৈঠকৰ আহ্বান জনায় । যিকোনো সময়তে বিপৰ্যয়জনক পাৰমাণৱিক দুৰ্ঘটনা সংঘটিত হ’ব পৰা আক্ৰমণ বন্ধ কৰিবলৈ ৰাছিয়াক হেঁচা প্ৰয়োগ কৰিবলৈ চীন আৰু ভাৰতক আবেদন জনায় । উল্লেখ্য যে ৰাছিয়াই ইয়াৰ পূৰ্বে জাপ’ৰিজ্জিয়া পাৰমাণৱিক কেন্দ্ৰৰ ওচৰত গোলাবৰ্ষণ কৰিছিল, যাৰ ফলত ইউৰোপত বিকিৰণৰ বিপদৰ সৃষ্টি হৈছিল ।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ৰাছিয়াৰ ভিতৰত কিয়েভৰ ড্ৰোন আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ সংঘটিত হৈছে । মন্ত্ৰালয়ে জনোৱা মতে, ৰাছিয়াই অস্ত্ৰ উৎপাদন কেন্দ্ৰ, গেছ আৰু শক্তি স্থাপনসমূহ উচ্চ নিখুঁত দীৰ্ঘ দূৰত্বৰ বায়ু, স্থল আৰু সাগৰীয় অস্ত্ৰৰে আক্ৰমণ কৰে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আন্তঃৰাষ্ট্ৰীয় সমাজক ৰাছিয়াৰ শক্তি খণ্ডত অধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনায় । জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই মাত্ৰ এটা নিশাতে ৪৫০খন ড্ৰোন আৰু ৪৫টা মিছাইল নিক্ষেপ কৰিছিল । ইউক্ৰেইনৰ বায়ুসেনাই ৪০৬খন ড্ৰোন আৰু ৯টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছিল যদিও ২৬টা ক্ষেপণাস্ত্ৰ আৰু ৫২খন ড্ৰোনে ২৫টা লক্ষ্যত আঘাত হানে ।

লগতে পঢ়ক : পুনৰ বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা