দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ টিম ইণ্ডিয়াৰ ঘোষণা; শ্বামীয়ে পুনৰ নাপালে সুযোগ

দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়া ঘোষণা; পুনৰ বিমুখ শ্বামী

দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়া ঘোষণা ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়াই ঘোষণা কৰিলে দল।অহা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই টেষ্ট শৃংখলা। দলটোৰ নেতৃত্ব দিব বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণৰ টি-২০ ছিৰিজত খেলি থকা শুভমন গিলে। দল ঘোষণাৰ লগে লগে বেগী বলাৰ মহম্মদ

দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়া ঘোষণা

ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়াই ঘোষণা কৰিলে দল।অহা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই টেষ্ট শৃংখলা। দলটোৰ নেতৃত্ব দিব বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণৰ টি-২০ ছিৰিজত খেলি থকা শুভমন গিলে।

দল ঘোষণাৰ লগে লগে বেগী বলাৰ মহম্মদ ছামি পুনৰ চৰ্চালৈ আহিছে কাৰণ আকৌ এবাৰ তেওঁক টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা নহ’ল।বৰ্তমান পশ্চিম বংগৰ হৈ ৰঞ্জি ট্ৰফীত খেলি আছে শ্বামীয়ে।

ঘৰুৱা শৃংখলাত শ্বামীৰ প্ৰদৰ্শন আৰু শেহতীয়াকৈ দল নিৰ্বাচনক লৈ হোৱা ৰ্তকৰ পিছত শ্বামীয়ে সুযোগ পাব বুলি বিশ্বাস কৰা হৈছিল।কিন্তু দলত তেওঁ সুযোগ নাপালে।

টেষ্টৰ বাবে দলত শুভমান গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ, উপ- অধিনায়ক), যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পদিকল, ধ্ৰুৱ জুৰেল, ৰবিন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, আকাশ আকাশ দীপে স্থান লাভ কৰিছে।

লগতে পঢ়ক: এই নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান! ডোহাত হ’ব এই সংঘৰ্ষ

শেহতীয়া প্ৰৱন্ধসমূহ