দিল্লীত বায়ু প্ৰদূষণৰ বিপদঘণ্টা
সময়ৰ লগে লগে ৰাজধানী নতুন দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে ।সমগ্ৰ ৰাজধানী-এনচিআৰ প্ৰদূষণৰ এটা তৰপে যেন অঞ্চলটো আগুৰি ধৰিছে।ইফালে বায়ু প্ৰদূষণৰ সমস্যা সন্দৰ্ভত চীনে সহায়ৰ হাত আগবঢ়াইছে।
ভাৰতত থকা চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউ জিঙে এক্সত কৈছে যে,’চীনেও এটা সময়ত প্ৰদূষণৰ সৈতে যুঁজি আছিল।আমি আমাৰ যাত্ৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো।আমি আশা কৰোঁ যে ভাৰতেও তাত উপনীত হ’ব পাৰে’।
এই মন্তব্য এনে সময়ত আহিছে যেতিয়া দিল্লী-এনচিআৰত বায়ুৰ গুণাগুণ সূচকাংক অৰ্থাৎ AQI বহু স্থানত ৪০০ অতিক্ৰম কৰিছে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (CPCP)ৰ মতে ই গুৰুতৰ শ্ৰেণীত পৰে।চিপিচিবি আৰু উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি,সোমবাৰে বহু ক্ষেত্ৰত প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়।
লগতে পঢ়ক: বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকিছে গুলমাৰ্গ; দূৰ দিগন্তলৈ মাথো শুভ্ৰ দলিচা









