তীৰ্থযাত্ৰা কৰিবলৈ যোৱাই হ'ল কাল; ৰে’লৰ খুন্দাত প্ৰাণ গ’ল ৪ গৰাকীকৈ ভক্তৰ

তীৰ্থযাত্ৰা কৰিবলৈ যোৱাই হ’ল কাল; ৰে’লৰ খুন্দাত প্ৰাণ গ’ল ৪ গৰাকীকৈ ভক্তৰ

তীৰ্থযাত্ৰাই হ’ল কাল কাৰ্তিক পূৰ্ণিমাৰ দিনাই উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তীৰ্থযাত্ৰা কৰিবলৈ যোৱাই হ’ল কাল । চুনাৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত চাৰিজন তীৰ্থযাত্ৰীৰ মৃত্যু হয় । খবৰ অনুসৰি এই তীৰ্থযাত্ৰীসকলে চোপন-প্ৰয়াগৰাজ যাত্ৰীবাহী ৰে’লৰ পৰা চাৰি নম্বৰ প্লেটফৰ্মত নামিছিল ।

তীৰ্থযাত্ৰাই হ’ল কাল

কাৰ্তিক পূৰ্ণিমাৰ দিনাই উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তীৰ্থযাত্ৰা কৰিবলৈ যোৱাই হ’ল কাল । চুনাৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত চাৰিজন তীৰ্থযাত্ৰীৰ মৃত্যু হয় । খবৰ অনুসৰি এই তীৰ্থযাত্ৰীসকলে চোপন-প্ৰয়াগৰাজ যাত্ৰীবাহী ৰে’লৰ পৰা চাৰি নম্বৰ প্লেটফৰ্মত নামিছিল । ষ্টেচনত যাত্ৰীসকলে খৰখেদাকৈ ৰে’লপথ পাৰ হোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা এক্সপ্ৰেছ ৰে’ল (হাউৰা-কলকা নেতাজী এক্সপ্ৰেছ)এ মহতিয়াই নিয়ে আটাইকেইজনক ।

ৰে’লপথ পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা । আটাইকেইজন ভক্তৰ থিতাতে মৃত্যু হয় । এই লোক কেইজন গংগাত পবিত্ৰ স্নানৰ বাবে গৈ আছিল । এই ঘটনাই চুনাৰ ৰেল ষ্টেচনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । ঘটনাৰ লগে লগে ৰে’লৱেৰ বিষয়া আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে । প্ৰশাসনে যাত্ৰীসকলক নিজৰ সুৰক্ষাৰ বাবে প্লেটফৰ্ম আৰু অভাৰব্ৰিজ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ।

ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, এই ঘটনা ইমানেই ভয়াৱহ আছিল যে মৃতদেহবোৰ ছিন্নভিন্ন হৈ পৰে । দুৰ্ঘটনাটোৰ পিছতে চিঞৰ-বাখৰ আৰম্ভ হয় । ততাতৈয়াকৈ জি আৰ পি আৰু আৰ পি এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃতদেহ দুটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত আছে জ্যেষ্ঠ বিষয়া ।

লগতে পঢ়ক : ডাম্পাৰৰ দৌৰাত্ম; মহটিয়াই নিলে ৫০ জনকৈ লোকক, ১০ জনৰ মৃত্যু

শেহতীয়া প্ৰৱন্ধসমূহ