ভাৰতীয় মহিলা ক্ৰিকেট দলক দিল্লীত ৰাজকীয় আদৰণি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ বাবে মঙলবাৰে দিল্লীত উপস্থিত হয় বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলটো । হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে মহিলা বিশ্বকাপ ২০২৫ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৫২ ৰাণত পৰাস্ত কৰি প্ৰথমটো আই চি চি ট্ৰফী লাভ কৰে ।
দিল্লীত বিশ্ব চেম্পিয়নক বিপুল আদৰণি-
দিল্লীৰ এখন হোটেলত উপস্থিত হোৱাৰ লগে লগে বিশ্বকাপ জয়ী মহিলা ক্ৰিকেট দলটোক ঢোল-দগৰে ৰাজকীয় আদৰণি জনোৱা হয় । অনুষ্ঠানৰ সময়ত ভাৰতীয় খেলুৱৈ আৰু মুখ্য প্ৰশিক্ষক আমোল মজুমদাৰে কেক কাটি এই বিজয় উদযাপন কৰে । উল্লেখ্য যে এদিনীয়া বিশ্বকাপৰ ৫২ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছে ভাৰতীয় মহিলা দলটো । ইয়াৰ পূৰ্বে ২০০৫ আৰু ২০১৭ চনত বিশ্বকাপৰ ফাইনেল খেলিছিল যদিও খিতাপ দখলত ব্যৰ্থ হৈছিল দলটো ।
ধোনী, কপিল, আৰু ৰোহিতৰ ক্লাবত যোগদান হৰমনপ্ৰীতৰ-
এই ঐতিহাসিক জয়ৰ জৰিয়তে হৰমনপ্ৰীত কৌৰ এতিয়া বিশ্বকাপ জয় কৰা চতুৰ্থগৰাকী ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে । তেওঁৰ পূৰ্বে কপিল দেৱ, এম এছ ধোনী আৰু ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰত বিশ্ব চেম্পিয়ন হৈছে । অৰ্থাৎ মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীতেও এতিয়া এই সন্মানীয় তালিকাত স্থান অৰ্জন কৰিছে । এই জয়ে ভাৰতক ২০০৫ আৰু ২০১৭ চনৰ ফাইনেলৰ পৰাজয়ৰ যন্ত্ৰণা পাহৰি যোৱাত সহায় কৰে ।
লগতে পঢ়ক : শক্তিশালী প্ৰদৰ্শনৰ পিছতো ৰেংকিঙত অৱনমিত স্মৃতি মান্ধানা; জেমিমাহৰ দীঘল জাঁপ









