আজি ভাৰতীয় বায়ুসেনা দিৱস

আজি ভাৰতীয় বায়ুসেনা দিৱস; জানক এই দিৱসৰ গুৰুত্ব আৰু গৌৰৱোজ্জ্বল ইতিহাস

আজি ভাৰতীয় বায়ুসেনা দিৱস আজি অৰ্থাৎ ৮ অক্টোবৰৰ দিনটোত সমগ্ৰ দেশতে প্ৰতি বছৰে ভাৰতীয় বায়ুসেনা দিৱস উদযাপন কৰা হয় । এই বছৰ ভাৰতে ৯৩ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস উদযাপন কৰিছে । এই দিনটোৰ তাৎপৰ্য্য হ’ল দেশৰ আকাশী সীমান্তৰ নিৰাপত্তা, বায়ুসেনাৰ সাহস, ত্যাগ আৰু সাহসিকতাক সন্মান

আজি ভাৰতীয় বায়ুসেনা দিৱস

আজি অৰ্থাৎ ৮ অক্টোবৰৰ দিনটোত সমগ্ৰ দেশতে প্ৰতি বছৰে ভাৰতীয় বায়ুসেনা দিৱস উদযাপন কৰা হয় । এই বছৰ ভাৰতে ৯৩ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস উদযাপন কৰিছে । এই দিনটোৰ তাৎপৰ্য্য হ’ল দেশৰ আকাশী সীমান্তৰ নিৰাপত্তা, বায়ুসেনাৰ সাহস, ত্যাগ আৰু সাহসিকতাক সন্মান জনোৱা আৰু বায়ুসেনাৰ অৱদানৰ শলাগ লোৱা । এই দিনটোত বায়ু সেনাই দেশৰ বিমান ষ্টেচনসমূহৰ পৰা যুঁজাৰু বিমানেৰে বায়ুসেনাৰ শক্তি প্ৰদৰ্শন কৰে ।

১৯৩২ চনৰ ৮ অক্টোবৰত স্থাপন হৈছিল ভাৰতীয় বায়ুসেনা-

১৯৩২ চনৰ ৮ অক্টোবৰত ভাৰতীয় বায়ুসেনা স্থাপন হৈছিল, তেতিয়াৰ পৰাই এই দিনটো প্ৰতি বছৰে বায়ুসেনা দিৱস হিচাপে পালন কৰি অহা হৈছে । এয়াৰ মাৰ্শ্বাল সুব্ৰত মুখাৰ্জীক বায়ুসেনাৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয় । স্বাধীনতাৰ পিছত ১৯৫৪ চনৰ ১ এপ্ৰিলত সুব্ৰত মুখাৰ্জীক বায়ুসেনাৰ প্ৰধান হিচাপে নিযুক্তি দিয়া হয় ।

ভাৰতীয় বায়ুসেনাৰ গুৰুত্ব-

বায়ুসেনা দিৱসে যুৱ প্ৰজন্মক দেশৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে উতসাসিত কৰে, ৰাষ্ট্ৰীয় ঐক্য আৰু গৰ্বৰ ভাৱ জগাই তোলে । দেশৰ নিৰাপত্তাৰ লগতে বায়ুসেনাই দুৰ্যোগ সাহায্য, উদ্ধাৰ অভিযান, শান্তিৰক্ষা অভিযান আৰু বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক ঘূৰাই অনাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়েহে জনসাধাৰণৰ আগত নিজৰ গৌৰৱময় ইতিহাস, উন্নয়ন আৰু সাহসী কাৰ্য্য আনিবলৈ বায়ুসেনা দিৱস উদযাপন কৰা হয় ।

নভঃ স্পৃশাং দীপ্তম হৈছে বায়ুসেনাৰ আদৰ্শ বাক্য-

দেশত জল, ভূমি আৰু বায়ুসেনাৰ নিজৰ নিজৰ এটা আদৰ্শ বাক্য আছে । ভাৰতীয় বায়ুসেনাৰ আদৰ্শ বাক্য হৈছে- ‘নভঃ স্পৃশাং দীপ্তম’ । বায়ুসেনাৰ আদৰ্শ বাক্য গীতাৰ একাদশ অধ্যায়ৰ পৰা লোৱা হৈছে । ই মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত ভগৱান শ্ৰী কৃষ্ণই অৰ্জুনক দিয়া উপদেশৰ এটি অংশ ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতি পুটিনক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ; দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভতো আলোচনা