‘সিদ্ধাৰ্থই যিমান পাৰে জুবিনক কৰি আছিল বিক্ৰী’
জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত ইজনৰ পিছত সিজনক তলব কৰিছে CID এ। দেওবাৰে CID ৰ কাৰ্যালয়ত উপস্থিত হয় জুবিন গাৰ্গৰ অন্যতম সহশিল্পী পাৰ্থ প্ৰতীম গোস্বামী।
পাৰ্থ প্ৰতীম গোস্বামীয়ে কয় যে, জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিক শেখৰে ওচৰলৈ আহিব দিয়া নাছিল। প্ৰকৃত বন্ধুখিনি জুবিন গাৰ্গৰ ওচৰৰ পৰা নাইকীয়া হোৱাত দুখ কৰিছিল জুবিনে।
বিগত ৩ বছৰে জুবিন গাৰ্গে যিমান উপাৰ্জন কৰিছে সকলো সিদ্ধাৰ্থই হে লাভ কৰিছে।সিদ্ধাৰ্থই যিমান পাৰে জুবিনক বিক্ৰী কৰি আছিল। ফিটা কাটোতে কিমান টকা পায় সেই কথা জুবিন গাৰ্গে নাজানিছিল।
সিদ্ধাৰ্থই মাছৰ তেলেৰে মাছ ভাজিছিল। জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল সিদ্ধাৰ্থ আৰু শেখেৰে। যাৰ বাবে জুবিন গাৰ্গৰ পৰা লাভ উঠাইছিল এইসকলে।
তেওঁ লগতে কয় যে শেখৰে কাৰোবাৰ স্ক্ৰিপ্টমতে কাম কৰি আছে ।ছিংগাপুৰত সিদ্ধাৰ্থৰ লগত এটা কোঠাতে থকা শেখৰে জানিছিল সকলো কথা।তেওঁলোকে এতিয়াও বহুত ভিডিঅ’ লুকুৱাই ৰাখিছে।সকলো ভালদৰে তদন্ত হ’ব লাগে।
লগতে পঢ়ক: ‘কাইলৈৰ ভিতৰত অসমত হাজিৰ হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া’; মুখ্যমন্ত্ৰী









