বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাই গোপনে সম্পন্ন কৰিলে বাগদান!
দক্ষিণৰ তাৰকা বিজয় দেৱৰকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মাণ্ডানাই অনুৰাগী সকলক এটা ভাল খবৰ দিছে। যিটো খবৰৰ বাবে তেওঁলোকৰ অনুৰাগী সকলে দীৰ্ঘ সময়ধৰি অপেক্ষা কৰি আছিল। জানিব পৰা মতে বিজয় আৰু ৰশ্মিকাই বন্ধু আৰু পৰিয়ালৰ উপস্থিতিত ইজনে সিজনক আঙুঠি পিন্ধাই।
অৱশ্যে বিজয় আৰু ৰশ্মিকাই তেওঁলোকৰ এই এংগেজমেন্টক লৈ এতিয়া লৈকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।
৩ অক্টোবৰৰ দিনা বিজয় দেৱৰকোণ্ডাৰ বাসগৃহত দুয়োৰে বাগদান সম্পন্ন হয়। এই অনুষ্ঠানত কেৱল তেওঁলোকৰ বন্ধু-বান্ধৱী আৰু পৰিয়াল লোকসকল হে উপস্থিত আছিল।
জানিব পৰা মতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত দুয়ো বিবাহপাশত আৱদ্ধ হ’ব।দুয়োৱে ডেষ্টিনেশন ওয়েডিঙৰ বাবে ইতিমধ্যে লোকেশনো ফাইনেল কৰিছে। দুয়োৰে এই খবৰ জানিব পাৰি এতিয়া আনন্দিত হৈছে।
লগতে পঢ়ক: আৰম্ভণিৰ দিনটোতে ইতিহাস সৃষ্টি কান্তাৰা ১ ৰ; ২০২৫ চনৰ দ্বিতীয় বৃহত্তম অ’পেনাৰ হিচাপে পৰিগণিত









