নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পাছপ’ৰ্ট বাতিল
নেপালৰ Gen-Z আন্দোলনৰ সময়ত যুৱ প্ৰতিবাদকাৰীৰ ওপৰত হোৱা গুলীচালনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগে প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিকে ধৰি পাঁচজন বিশিষ্ট ব্যক্তিক অনুমতি অবিহনে কাঠমাণ্ডু এৰি যাবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে৷
উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৌৰী বাহাদুৰ কাৰ্কিৰ অধ্যক্ষতাত গঠন কৰা আয়োগে এই নিৰ্দেশ জাৰি কৰিছে।কে পি অলিকে ধৰি কেইবাজনো নেতাৰ পাছপ’ৰ্ট বাতিল কৰাৰ নিৰ্দেশ দিয়া হৈছে।
আয়োগৰ নিৰ্দেশত অন্তৰ্ভুক্ত হোৱা পাঁচজন লোক হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি,প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখাক, তেতিয়াৰ গৃহ সচিব গোকৰ্ণ মণি দুৱাদী,আভ্যন্তৰীণ চোৰাংচোৱা বিভাগৰ মুৰব্বী হুট ৰাজ থাপা,আৰু কাঠমাণ্ডুৰ তেতিয়াৰ জিলা দণ্ডাধীশ ছাবী ৰিজাল।
আটাইকেইজনক কঠোৰ নিৰীক্ষণত ৰখাৰ লগতে আয়োগৰ অনুমতি অবিহনে কাঠমাণ্ডুৰ পৰা ওলাই নাযাবলৈ আয়োগে নিৰ্দেশ দিছে।
লগতে পঢ়ক: ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে; জনালে ৰুছ বিদেশ মন্ত্ৰীয়ে









