'মন কী বাত'ত প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক…

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক…

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ’ অনুষ্ঠান “মন কী বাত“ৰ ১২৬ সংখ্যক খণ্ড দেওবাৰে সম্প্ৰচাৰ হয় । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক স্মৰণ কৰে । তেওঁ অসমীয়াতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ’ অনুষ্ঠান “মন কী বাত“ৰ ১২৬ সংখ্যক খণ্ড দেওবাৰে সম্প্ৰচাৰ হয় । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক স্মৰণ কৰে । তেওঁ অসমীয়াতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে জুবিন গাৰ্গক অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন বুলি অভিহিত কৰাৰ লগতে আহিবলগীয়া প্ৰজন্মক জুবিনৰ গানে মন্ত্ৰমুগ্ধ কৰি ৰাখিব বুলি কয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসমবাসী শোকত ম্ৰিয়মান হৈ আছে । জুবিন গাৰ্গে সমগ্ৰ দেশতে এক বিশেষ পৰিচয় লাভ কৰিছিল । জুবি গাৰ্গ আমাৰ মাজত সদায়ে জীয়াই থাকিব । আহিব লগীয়া প্ৰজন্মক জুবিন গাৰ্গৰ গানে মন্ত্ৰমুগ্ধ কৰি ৰাখিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে অসমীয়াতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই কয়, “জুবিন গাৰ্গ অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন আছিল । জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব ।“

আনহাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি শ্ৰীলংকাত দুটাকৈ ভাষাত অনুবাদ হোৱাৰ কথাও মন কী বাতত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁ শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে । এই অনুষ্ঠান সদায়ে সম্মৰণীয় হৈ থাকিব বুলি কয় প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ