BPF ৰ সৈতে চৰকাৰ কৰাত আগ্ৰহ UPPLৰ
বড়োলেণ্ডৰ পৰিষদীয় নিৰ্বাচনত মুখ থেকেচা খালে UPPL ৰ প্ৰমোদ বড়োৱে।তাৰ পিছতে এখন সংবাদমেল যোগে এক ডাঙৰ ঘোষণা কৰিছ প্ৰমোদ বড়োৱে।
তেওঁ কয় যে, ‘বড়োলেণ্ডবাসীৰ মনৰ কথা নুবুজিলো, সেয়েহে আমি হাগ্ৰামা মহিলাৰীক ধন্যবাদ দিছো।BPF ৰ লগত চৰকাৰ গঠন কৰাৰ আগ্ৰহ আছে UPPLৰ’।
‘ বিপিএফ এ বিচাৰিলে দলৰ মাজত আলোচনা কৰি সিদ্ধান্ত ল’ম। আমি সদায় বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰিবলৈ বিপিএফক সমৰ্থন কৰি যাম। BTC চুক্তিৰ বাবে BPF চৰকাৰক সদায় সহযোগ কৰি যাম’।
এই ফলাফলক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘হাগ্ৰামা মোৰ বন্ধু। হাগ্ৰামা মহিলাৰী সদায় বিজেপিৰ লগত থাকিব।হাগ্ৰামা মহিলাৰীৰ বিজয় মানেই BJPৰ বিজয়। BTRৰ ৪০ খন আসনেই NDAৰ দখলত।
লগতে পঢ়ক: বড়োভূমিত উৰিল BPF ৰ পতাকা; গাদীচ্যুত প্ৰমোদ বড়ো









