‘জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি কৈছিল’
প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত কন্যা সৃজনী ভাস্ব মহন্তই ফেচবুকত এটা বিস্ফোৰক পোষ্ট দিছে।পোষ্টটোত শ্যামকানু মহন্তক ফেষ্টিভেল মহন্ত বুলি আখ্যা দিছে।
শ্যামকানু মহন্তৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি ভতিজী সৃজনী ভাস্ব মহন্তই লিখিছে শ্যামকানু মহন্তই ‘জুবিন গাৰ্গক পন্য সামগ্ৰী’ বুলি ভাবিছিল।

তেওঁ লিখিছে যে, বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক’লে, “জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায়!”
“ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)।”
“সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ “ৰাজহাড়”, জুবিন তেওঁৰ “আত্মা”। ঘৃণা উপজে। জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওঁক। কঠোৰতম তদন্ত আৰু শাস্তি হওঁক”।
লগতে পঢ়ক: ‘মই নিৰ্দোষী, মোক ন্যায় লাগে…’; মুখ খুলিছে শ্যামকানু মহন্তই