জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এছ আই টি গঠন ৰাজ্য চৰকাৰৰ
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে কন্দুৱাইছে সকলোকে । আপোন শিল্পীগৰাকীক হেৰুৱাই শোকত ভাগি পৰিছে সকলো । সমান্তৰালভাৱে শিল্পীগৰাকীৰ মত্যুৰ সঠিক তদন্ত আৰু ন্যায় দিবলৈ ৰাজ্যজুৰি সজোৰে দাবী উত্থাপন হৈছে । অসম চৰকাৰেও শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাক অত্যন্ত গুৰুত্বসহকাৰে লৈ এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ।
আজি জুবিন গাৰ্গৰ মৃত্যুক লৈ জনতা ভৱনত অনুষ্ঠিত হয় এক উচ্চ পৰ্যায়ৰ বৈঠকত । ৰাজ্যৰ মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধান, এ ডি জি পি, চি আই ডিৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
বৈঠকৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে এছ আই টি গঠন কৰিব বুলি সামাজিক মাধ্যমত জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই । লগতে ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় লেবৰটৰীলৈ প্ৰেৰণ কৰা হ’ব বুলিও জনায় তেওঁ । আনহাতে এই গোচৰৰ তদন্তৰ বাবে এছ আই টিৰ সম্পূৰ্ণ স্বাধীনতা থাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জনাইছে, ‘আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ। আজি অসমৰ মাননীয় মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু এ ডি জি পি, চি আই ডিৰ সৈতে এখন বৈঠকত মিলিত হওঁ৷ আৰক্ষী সঞ্চালকপ্ৰধানক অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰে এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব। এছ আই টিৰ ওচৰত সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্ত কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব।‘
লগতে পঢ়ক : ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য