যোৰহাট

এক্সন মুডত অসম আৰক্ষী; যোৰহাটত অশান্তি বিয়পোৱা ৬জনক গ্ৰেপ্তাৰ

যোৰহাটত অশান্তি বিয়পোৱা ৬জনক গ্ৰেপ্তাৰ প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ পিছত এতিয়া অসম আৰক্ষীয়ে আৰম্ভ কৰিছে এক্সন মুড। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যোৰহাটত অশান্তি বিয়পোৱা ৬জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সকল হৈছে বিতোপন বৈশ্য, উজ্বল বৰা, দেৱজিত গগৈ, ধুৱজ্যোতি শৰ্মা, চুনো চাহ, চন্দন দাস,

যোৰহাটত অশান্তি বিয়পোৱা ৬জনক গ্ৰেপ্তাৰ

প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ পিছত এতিয়া অসম আৰক্ষীয়ে আৰম্ভ কৰিছে এক্সন মুড। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যোৰহাটত অশান্তি বিয়পোৱা ৬জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা সকল হৈছে বিতোপন বৈশ্য, উজ্বল বৰা, দেৱজিত গগৈ, ধুৱজ্যোতি শৰ্মা, চুনো চাহ, চন্দন দাস,  মঞ্জিত বৰুৱা, দুলুমণি বৰা, বিতোপন দত্ত। এওঁলোকে জুবিন অনুৰাগীৰ মাজত বিয়পাইছিল অশান্তি।

জুবিন দাক যোৰহাটত সমাধিস্থ কৰিবৰ বাবে এই উচটনি দিছিল। যোৰহাট প্ৰেছ ক্লাব ভাঙিবলৈয়ো দিছিল উচটনি।তাৰ পিছতেই এইসকলৰ বিৰুদ্ধে ব্যৱসায়ী মনোজ বৰাই দাখিল কৰে এজাহাৰ।

সেই এজাহাৰৰ ভিত্তিতেই ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই উচটনিমূলক মন্তব্য দিয়াৰ বাবে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে উৎপল বৰাও।

লগতে পঢ়ক: যোৰহাটত উপস্থিত CIDৰ দল; জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হ’ল তদন্ত

শেহতীয়া প্ৰৱন্ধসমূহ