আঘাতপ্ৰাপ্ত অক্ষৰ পেটেল
এছিয়া কাপ ২০২৫ৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ওমানক ২১ ৰানত পৰাস্ত কৰি জয়ৰ হেট্ৰিক পঞ্জীয়ন কৰে ভাৰতীয় দলটোৱে।ওমানে ভাৰতৰ বিৰুদ্ধে কঠোৰ যুঁজ দিছিল, কিন্তু জয়লাভ কৰিব নোৱাৰিলে।
ভাৰতৰ পৰৱৰ্তী মেচ দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলা হ’ব। এয়া হ’ব টিম ইণ্ডিয়াৰ প্ৰথমখন ছুপাৰ ৪ মেচ। কিন্তু তাৰ আগতে টিম ইণ্ডিয়াই এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।
দৰাচলতে ওমানৰ বিৰুদ্ধে খেলখনৰ দ্বিতীয় ইনিংছত আঘাতপ্ৰাপ্ত হয় ভাৰতৰ তাৰকা অল ৰাউণ্ডাৰ অক্ষৰ পেটেল। ১৫ নং অভাৰত ওমানৰ বিৰুদ্ধে অক্ষৰ পেটেলে লক্ষ্য খেদি এটা কেচ ল’বলৈ চেষ্টা কৰে আৰু হাতৰ পৰা বলটো পিছলি যায়।
এই প্ৰচেষ্টাত তেওঁৰ ভাৰসাম্য হেৰুৱাই মূৰটো মাটিত খুন্দা মাৰে। ইয়াৰ পিছত ওমানৰ ইনিংছত তেওঁ খেলপথাৰলৈ উভতি নাহিল। লগতে অনুমান কৰা হৈছে যে পাকিস্তানৰ বিৰুদ্ধে পৰৱৰ্তী ডাঙৰ মেচখনৰ পৰা আক্সাৰ বাহিৰ হ’ব পাৰে।
লগতে পঢ়ক: এক অভাৰত পাঁচটা চিক্সাৰেৰে প্ৰতিপক্ষক ধৰাশায়ী দুনিথ ৱেলালেজৰ; খেলৰ মাজতে আহিল পিতৃৰ মৃত্যুৰ খবৰ