ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়
শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত বহু উত্থান-পতনৰ পৰিলক্ষিত হৈছে । এফালে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্কৰ বাবে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ বিপৰীতে আনফালে ভাৰত আৰু আমেৰিকাই মহাকাশ সহযোগিতাৰ দিশত এক নতুন অধ্যায় লিখিবলৈ ওলাইছে । আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসে আয়োজন কৰা এক বিশেষ কাৰ্যসূচীত দুয়োখন দেশে এই কথাৰ ইংগিত দিছে । ‘ভাৰত-আমেৰিকা মহাকাশ সহযোগিতা : ভৱিষ্যত অংশীদাৰিত্বৰ সীমা’ শীৰ্ষক এই অনুষ্ঠানটো সোমবাৰে ইণ্ডিয়া হাউচত অনুষ্ঠিত হয়, য’ত দুয়োখন দেশৰ বিষয়া আৰু মহাকাশচাৰীয়ে অংশগ্ৰহণ কৰে ।
এই অনুষ্ঠানত নাছা-ইছৰোৰ যৌথ উপগ্ৰহ নিছাৰ মিছন আৰু ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ কঢ়িয়াই নিয়া এক্সিয়াম মিছন-৪ উদযাপন কৰা হয় । আমেৰিকাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ, নিক হেগ আৰু বুচ উইলমৰেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি মহাকাশ জীৱনৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে ।
আমেৰিকাস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাট্ৰাই ইয়াক বিজ্ঞান, প্ৰযুক্তি আৰু বাণিজ্যিক অংশীদাৰিত্বৰ বাবে এক শক্তিশালী মঞ্চ বুলি অভিহিত কৰে । তেওঁ কয় যে ভাৰতৰ মহাকাশ কাৰ্যসূচী এতিয়া কম খৰচত মহান কাম সাধনৰ বাবে পৰিচিত আৰু আমেৰিকাৰ সৈতে এই সহযোগিতাই মানুহৰ মহাকাশ উৰণৰ সীমা ঠেলি দিব ।
নাছাৰ ড০ কেৰেন ছেইণ্ট জেৰমেইনে নিছাৰক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আৰ্হি বুলি অভিহিত কৰি উল্লেখ কৰে যে যেতিয়া দুখন দেশে অভিজ্ঞতা ভাগ-বতৰা কৰে তেতিয়া বৈজ্ঞানিক অগ্ৰগতি ত্বৰান্বিত হয় । শুভাংশু শুক্লাই লগতে কয় যে নিছাৰৰ মহাকাশ যাত্ৰা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ শক্তি আৰু ভাৰতৰ বিশ্বব্যাপী ভূমিকাৰ প্ৰমাণ ।
লগতে পঢ়ক : নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান